শীতৰ ঠেঁটুৱৈ লগা জাৰৰ সলনি নীলাকাশৰ বুকুত চৌদিশে বলে এছাটি চঞ্চল মন উত্তলা কৰা পচোৱা । পলাশ, মদাৰ, শিমলু, কাঞ্চনৰ সেউজবুলীয়া হেঁপাহে আহি শুৱনি কৰি তোলে ফাগুনৰ উদং বুকু । প্ৰকৃতিৰ বুকুত সিঁচি যায় ফাগুনৰ তেজাল ৰং । নৈৰ উদং গৰাটোৰ শিমলু জোপা ৰাঙলী হৈ ফুলি উঠে । ৰূপহী মদাৰ জোপাও যৌৱনা হৈ পৰে । চঞ্চল হৈ পদূলি শুৱনি কৰি তুলে কাঞ্চন জোপাইও । ফাগুন আহিলেই পলাশ ফুলে । যেন ৰঙবোৰে আকাশৰ বুকুত জুইহে জলাই তোলে ।
ক'ত যে সংজ্ঞা ফাগুনৰ । দুষ্ট ফাগুন; অভিমানী ফাগুন; বলিয়া ফাগুন; লঠঙা ফাগুন; অকৰা ফাগুন আৰু ক'ত যে কি সংজ্ঞা ফাগুনৰ ।
মোৰ ফাগুন আছেহি আহি ৰৈ
তোমাৰ কথাকে ক'বলৈ
আছেনে সময় কোৱা
সমীৰৰ খবৰ সোধা (কণ্ঠশিল্পীঃ জয়ন্ত হাজৰিকা)
ফাগুনে যৌৱনৰ বতৰা দি যায় সকলোৰে মনত । ফাগুনে হৃদয়লৈ প্ৰেমৰ প্লাৱন কঢ়িয়াই আনে । কাৰণ ফাগুনৰ অন্যটি নামেই যৌৱন । ফাগুন নামৰ ডেকাটোৰ প্ৰেমত পৰে ৰাংঢালী গাভৰুহ'ত । পলাশ ৰঙীন সপোন বুকু বান্ধি ফাগুনে চুমা যাঁচি যাই কোনো চঞ্চলা গাভৰুৰ মেঘালী চুলিত ।
সৰাপাতে পাতে ফাগুন নামে
পলাশৰে ৰং ৰাঙলী
বতাহে কানে কানে ক'লে
নহ'বা উদাস অভিমানী (গীতিকাৰঃ কাজু শৰ্মা)
ঠিকেই গীতিকাৰে কোৱাৰ দৰেই সৰাপাতে আহি ফাগুনৰ বতৰা দি যায় । সৰাপাতৰ খচখচনিৰ মাজেৰে উমান পোৱা যাই ফাগুনৰ ।
ফাগুনৰ বাউলি বতাহজাকে
উৰুৱাই নিয়ে মন ভাবনাক (গীতিকাৰঃ হংসন)
ফাগুন আৰু পচোৱা । ফাগুনৰ বাউলি বতাহ জাকে কাৰোবাৰ মনৰ ভাবনাত খলকনি জগাই তোলে । ফাগুনৰ বাউলি পচোৱা জাকে ফাগুনৰ লগত লাগি আৰম্ভ কৰে খেলিবলৈ ধূলিৰ ধেমালি ।
ফাগুনৰ আছে জানো কোনো নিজস্ব ঠিকনা । নাজানে বলিয়া ফাগুনে কেনেকৈ আহি কাৰ হিয়াৰ মাজত গোপনে বাহৰ পাতে ।
মোকতো পোৱাই চিনি
মই যে ফাগুন
অকৰা কবিৰ সৈ'তে চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম
শুকান পাতৰ চিঠি
খিৰিকীৰে মইয়েই বিলাওঁ
শুকান পাতত থকা খবৰৰ কথা মাথোঁ
মোক নুসুধিবা
মই জানো
সেইবোৰ মই জনাতো উচিত নহয় (কবি নবকান্ত বৰুৱা )
কবিয়ে ফাগুনক অনুভৱ কৰে । বাৰে বাৰে ফাগুনৰ প্ৰেমত পৰে । জুইৰঙী আকাশ ৷ অকৰা কবিৰ স'তে চুপতি কৰা বাবে সকলোয়ে ফাগুনকে দোষাৰোপ কৰে । সৰাপাতৰ মাজেৰে ফাগুনে যে বিলাই ফুৰে প্ৰেমৰ চিঠি । অথচ কোনোৱাই বাৰু দেখা পাইনে ফাগুনে গোপনে টুকা চকুপানী ।
কোনে কয় ফাগুন শুকান
ফাগুন লঠঙা,
মই কওঁ ফাগুন নহয়
শুকান অথবা লঠঙা ।
ফাগুনৰ আছে নিজস্ব মাদকতা
ফাগুনে দিয়ে সৰাপাতৰ ঠিকনা,
ফাগুন মানেই কেৱল পচোৱা
ফাগুনে আনে প্ৰেমৰ বতৰা ।
ফাগুন নাথাকিলে শূন্য
বসন্তৰ মাদকতা,
সৰাপাতৰ সৃষ্টি ফাগুনত হ'লেহে
বসন্তই পাই পৰিপূৰ্ণতা ।
ঠিকনাঃ দেৰগাঁও, গোলাঘাট ৷








