এখন উঁইয়ে খোৱা দস্তাবেজৰ পৰা (ৰাজীৱ ৰাজখোৱা)


তেওঁ এৰি যোৱা কেইটানো দিন হৈছে, আবতৰীয়া মৰিশালিটোত দুৱৰি বন এডাল গজিবৰ নেপাওঁতেই বাৰীৰ জেওৰাখন ভাঙিবলৈ ল'লেইচোন ৷ দুটি ল'ৰা পোৱালীৰ স'তে ঘৰটোৰ সাৰথি জেওৰাখন ৷ কিন্তু……

কলিমন কাইটিৰ কজলাটো গাওঁখনৰে জাকত জিলিকা ৷ বয়সো যৌৱনে ভৰপক দি থকা ৷ সিখন গাওঁৰলৈকে তাৰ সতে ফেৰ পাতিব পৰা দ্বিতীয় এটা নাই ৷ বাৰীৰ ভিতৰত কোমল ঘাঁহ দেখিলে জেওৰালৈ কেৰেপ নকৰাকৈ সোমাই তহিলং কৰে ৷ সি টো ভঙা নাই জেওৰা ৷ তেনে কোনে ভাঙিলে ? গধুলি পৰত ডাঙৰ পোৱে হিমু ঠিকাদাৰৰ দাঁতি উঠাটো খেদিছিল ৷ সিয়ে ভাঙিলে কিজানি ৷ হয় হয় সিয়ে… 


চেঙেলীয়া ডেকা কেইটা সন্ধিয়া পৰত মাতি আনো কিছুপৰ থাকিবলৈ ৷ নমতাকৈ আহি অনুকম্পা দেখুওৱা আদহীয়া ভকত কেইটাক কিয় জানো ভাল নালাগে ৷ কথাই প্ৰতি, চকুৰ চাৱনিয়ে প্ৰতি বেৰা ভাঙিব খুজে ৷

উঃ… অসহ্য… 

তেওঁ শেষবাৰৰ বাবে মুদ খোৱা চকুযোৰ বেৰত ওলমি যেন চাই আছে সিহঁতৰ চকুবোৰলৈ… নিমিখতে যেন সেই তীক্ষ্ণ চুৰী যেন চকুকেইটা ফুটাই দিব… মোক যেন উদ্ধাৰ কৰিব… ! 

বুকুৰ ধৰফৰনিবোৰ বুকুতে শাম কাটিবলৈ দিলোঁ ৷ বাহিৰলৈ ওলালেই নামঘৰত হৈ চৈ লাগিব মোক লৈ…

নিপিচলালৈকে ডেকাবোৰেই ভাল ৷ অন্ততঃ নিজে নভঙালৈকে বেৰাভাঙি বাৰীত নোসোমাই ৷


(ক্ৰমশ)