যন্ত্ৰণা (নিভা গগৈ)


নিহাৰিকাই নতুনকৈ চাকৰি জইন কৰাৰ পৰাই নিজকে সলনি কৰি পেলাইছে, পেণ্টচ্ টিচাৰ্ট বেয়া পোৱা ছোৱালীজনীৰ কোঠাত অ'ত ত'ত সিঁচৰতি হৈ পৰি আছে, কেৱল সেইবোৰ সাজেই, পৰি আছে ভাড়াকৈ লোৱা কোঠাটোৰ পিছফালে বিয়েৰৰ বটল আৰু চিগাৰেটৰ পেকেট ৷ মাজে মাজে তাইৰ কাষলৈ দামী গাড়ীত তাইৰ বছ অহাও ওচৰ চুবুৰীয়াই লক্ষ্য কৰিছে ৷ মাকৰ চকুৰ পৰা আঁতৰ নোহোৱা নিহাৰিকা এতিয়া মুকলি ৷ এটা মোটা অংক তাইৰ একাউণ্টত প্ৰতি মাহে সোমায়, বছৰ মৰম আৰু ৰঙীন পৃথিৱীৰ মাজত উটি ফুৰিছে তাই ৷ নিহাৰিকা থকা ভাড়া ঘৰটোৰ কিছু নিলগত থকা এটা ঘৰৰ পৰা প্ৰতি নিশা বৈ অহা তাই বাঁহীৰ মাত শুনে, নিচাৰ মাজতো তাই বাঁহীৰ মাতত ডুবি যায় ৷ অতীতৰ পোৱা নোপোৱাৰ হিচাপৰ মাজত উজুটি খায় তাই, বাঁহী বজোৱা গৰাকীৰ কাষলৈ যেন গুচি যাব বিচাৰে ৷ বিষাদ নে সুখৰ অসুখত ভোগে তাই, নিহাৰিকাৰ বছৰ জীয়েকৰ বাৰ্থ ডে, নিশা বহু দেৰিলৈ বছৰ ঘৰত পাৰ্টি কৰি ঘৰলৈ উভতিছে তাই, নতুনকৈ গিফ্ দিয়া বছৰ গাড়ীখন নিহাৰিকাই নিজেই চলাইছে, ষ্টাৰিঙত হাত ফুৰাই আহিছে, ঠিকেই চলাইছে ৷ মানুহৰ সমাগমো কমিছে, ষ্ট্ৰিট লাইটৰ পোহৰত গোটেই চহৰখন জোনাক ৷ তেনেতেই টাৰ্নিং এটা পাৰ হওঁতেই তাই এখন বাইকৰ লগত খুন্দা মাৰে আৰু তাই একো দেখা নাই, লাহে লাহে এন্ধাৰৰ মাজত ডুবি পৰিল নিহাৰিকা ৷ নিহাৰিকাৰ হাত ভাঙিল, বাইক আৰোহী জন কোন আছিল তাই নাজানে, অৱশ্যে জানিবৰ ইচ্ছাও নাই তাইৰ ৷ এমাহ চুটি লৈ ঘৰতে আৰাম কৰিছে তাই, কিন্তু এই এমাহে প্ৰতি নিশা বৈ অহা বাঁহীৰ সুৰ শুনা নাই, কিন্তু তাই বিচাৰে সেই বাউলি কৰা বাঁহীৰ সুমধুৰ সুৰ, তাই ডুবিব বিচাৰে মাথোঁ ৷ বাঁহী কিয় বজোৱা নাই জানিবলৈ তাইৰ খুব জিজ্ঞাসা বাঢ়িল, এদিন আবেলি ওলাই বিচাৰি গ'ল সেই বাঁহী বজোৱা গৰাকীক, ঘৰটোত কোনো মানুহ নেদেখি তাই ভাবিলে যে তাইৰ দৰেই কোনোবা ভাৰাতীয়া লোক আছিল আৰু এই ঠাই এৰি গুচি গ'ল ৷ গেটখন খুলি আহিব লওঁতেই কাষৰ ঘৰৰ মানুহগৰাকীয়ে চিঞৰি ক'লে-

- কাক বিচাৰিছিল ?
- বাঁহী বজোৱা গৰাকী কি হ'ল, কৰবালৈ গ'ল নেকি ?
- হয়, তেওঁ বহু দূৰলৈ গ'লগৈ আৰু ঘূৰি নাহে কোনোদিন ৷
- কিয় ? বেলেগত ভাড়া ল'লে নেকি ?
- নহয়, তেখেতে আপোনাৰ গাড়ীৰৰ লগতে এক্সিডেণ্ট হৈ ঠাইতে ঢুকাইছিল ৷ মাক দেউতাকে দেহটো গাঁৱলৈকে লৈ গ'ল ৷ তেখেতৰ বাঁহীৰ মাত আৰু কোনো দিন নুশুনো আমি ৷

তাই স্তব্ধ হৈ পৰিল মাথোঁ ৷ লাহে লাহে তাই নিজৰ কোঠালৈ আহিল, কাণত বাজি থাকিল বৈ অহা মিঠা বাঁহীৰ সুৰ এটা, যি তাইক এদিন বাউলি কৰিছিল আৰু আজি তাই একেই সুৰত যন্ত্ৰণাত ডুবিছে, মাথো যন্ত্ৰণাত বুকু ভাগিছে ৷