বেশ্যা (মৃদুল নাথ)



বহুত হেৰুৱাইছো অ' মই, কিমান হেৰুৱাইছো তাৰ হিচাপ ৰখা নাই, এতিয়া মাথোঁ উকা দুহাতত ভিক্ষাৰ পাত্ৰ লৈ অপেক্ষা কৰিছো, কিজানিবা সুখ এটুকুৰা পাওঁ আৰু সেই টুকুৰাটোৰেই এটুকুৰা আকাশ কিনিব পাৰোঁ....... মাজনীৰ বাবে


কথাখিনি কৈ উঠি নিগৰি অহা চকুপানী খিনি মালতীয়ে সশব্দে ভনীয়েক সুস্মিতাই নেদেখাকৈ চাদৰৰ আঁচলৰে মছি পেলালে । এই দুখিনী নাৰীৰ কপালত অদৃশ্য ভগৱানে সুখৰ এচমকা পোহৰো নেপেলালে, ভণ্টি ....? চাচোন বাহিৰৰ গোমোঠা আকাশখন... সিও যেন মোলৈ ইতিকিংৰ দৃষ্টিৰে চাইছে... মই ইমানেই দূৰ্ভগীয়া নে" ? মালতীৰ নিশব্দ কান্দোন এইবাৰ তাই বান্ধি ৰাখিব নোৱাৰিলে । তাই হুকহুকাই কান্দিবলৈ ধৰিলে । ভনীয়েক সুস্মিতা এটা শিলৰ মূৰ্ত্তিৰ দৰে থৰ লাগি ৰৈ আছে, দুগালেদি চকুলো বৈ আছে; তাইৰ সেইবোৰৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই । মাথোঁ বায়েক মালতীৰ কথাবোৰ প্ৰকাণ্ড চাৰিবেৰত খুণ্ডা খাই উভতি পুনৰ তাইৰ কাণৰ পৰ্দাত ঠেকা মাৰিছেগৈ । ভনীয়েক সুস্মিতা নিশ্চুপ হৈ থাকিব নোৱাৰিলে
-"বা অ' ? তই অলপ মনে মনে থাকচোন । কিমান এনেকৈ কান্দি থাকিবি আৰু ??" মালতীয়ে চকুপানী খিনি মচি মচি এটা শেতা পৰা হাঁহিৰে ক'লে
-জীয়াই থাকিবলৈ একো নাইকিয়া হৈ পৰিছে অ' । মাজনী বাবে দেউতাকৰ পৰিচয়ো মোৰ হাতত নাই । মাথোঁ এটাই শান্তনা যে তাই মোৰ প্ৰেমৰ সাক্ষী । কিন্তু ভণ্টি তাই ডাঙৰ হ'লে জানো বুজিব পাৰিব মোৰ মৃত প্ৰেমৰ কৰুণ কাহিনীৰ বেদনা ??" সুস্মিতাৰ মূৰটো আছন্দ্ৰাই কৰিব ধৰা যেন পালে বায়েকৰ কথাবোৰ শুনি
- বা ..? Please তই এইবোৰ পাহৰি এবাৰ হাঁহিবলৈ শিক না অ' ৷
বায়েকে শুই থকা তিনিমহীয়া কেঁচুৱাটোক বিছনাৰ পৰা কোলাত তুলি লৈ উত্তৰ দিলে-
- খৰাং হৃদয়ত শৰতৰ শেৱালি নুফুলে বুজিছ ? হাজাৰ বাৰ ফাগুন আহিলেও এই মালতীক এতিয়া আবিৰ সানিব নোৱাৰে । ভয় হয় জাননে ভণ্টি, মাজনী ডাঙৰ হোৱাৰ পিছত যদি কোনোবাই জাৰজ বুলি হাঁহে ? তাইকো যদি সমাজে ইতিকিং কৰিবলৈ লয় ? যদি..যদি তাইকো ঘৃণাৰ চকুৰে চাই মানুহে ? তেতিয়া ? তেতিয়া কি হ'ব ভণ্টি ? " ভনীয়েক সুস্মিতাই মুখেৰে একো নোকোৱা দেখি তাইৰ গা টো জোকাৰি বায়েক মালতীয়ে আকৌ ক'বলৈ আৰম্ভ কৰিলে-
- ঐ ভণ্টি তইও যাবি নেকি মোৰ পৰা আঁতৰি ? বুকুৰ মঙহ বুলিবলৈ তই আৰু মাজনীৰ বাদে কোনো নাই অ' মোৰ । তোৰ মনত আছে নে তই ১১ বছৰ হওঁতেই মা- দেউতা দুয়োয়েই আমাক নিধৰুৱা কৰি সংসাৰৰ পৰা আঁতৰি গৈছিল । সুস্মিতাই দুগালেদি বৈ অহা চকুপানীখিনি মচি কান্দোন মিহলি সুৰেৰে ক'লে-
- তই চিন্তা নকৰিবি বা তোৰ লগত মই সদায় থাকিম । এসাঁজ নোখোৱাকৈ থাকিম তথাপিওঁ মৰম কম নকৰো ।
সুস্মিতাই আলফুলে ভাগিনীয়েকৰ কপালত চুমা আকি দিলে । সুস্মিতাই প্ৰায়ে আহে বায়েকৰ কাষলৈ ৷ শাহুৱেকে গম নোপোৱাকৈ চাউল, দালি, পাচলি, টকা ১০০ হ'লেওঁ যি পাৰে তাইৰ কান্ধত লোৱা বেগটোত ভৰাই আনি দি থৈ যায় বায়েকক । ভনীয়েক সুস্মিতাৰ বিয়া দিয়াৰ এবছৰ মান পিছতেই ঘাট - মাউৰা বিকাশৰ লগত মালতী বিৱাহ পাশত আৱদ্ধ হৈছিল । বিয়াৰ তিনিদিন পিছতেই বিকাশ আৰু মালতী দুয়ো নৱ - দম্পতী গুৱাহাটীলৈ বুলি ৰাওনা হৈছিল এটা নতুন জীৱনৰ পাতনি মেলিবলৈ । সেইদিনা বতৰটো ডাৱৰীয়া আছিল আৰু খুব জোৰেৰে বতাহো বলিছিল, আকাশ ক'লা মেঘে ছানি ধৰিছিল । দুয়ো গুৱাহাটী পায় গৈ মানে দহ বাজিছিল ষ্টেচনৰ ঘড়ীটোত আৰু জোৰেৰে বৰষুণ দিছিল । ষ্টেচনত বিকাশ আৰু মালতীৰ বাহিৰে আন কোনো নাছিল । বিকাশে ইফালে - সিফালে চালে এখন টেক্সি বা অ'টৰ সন্ধানত । হঠাৎ গাড়ী এখনৰ হৰ্ণ শুনি বিকাশ আগুৱাই গ'ল । কিন্তু গাড়ীখনত মানুহ দুজন বহি থকা দেখি তাৰ মনটো সেমেকি উঠিল । ইমান ৰাতি বেচেৰী নতুন কইনাজনী আলৈ - আথানি হোৱাৰ কথা চিন্তা কৰি তাৰ বুকুখন চিৰিং কৈ গ'ল । ড্ৰাইভাৰ জনে গাড়ীৰ গ্লাচখন নমাই সুধিলে-
- ক'ত যাব ?
বিকাশে মনে মনে ভগৱানক ধন্যবাদ জনালে অকণমান সহায়ৰ বাট দেখি । সি ড্ৰাইভাৰক উদ্দেশ্যি ক'লে-
- গণেশগুৰিলৈ যাম ৷
- মানুহ কেইজন ?
- দুজন ৷
- তিনিশ টকা লাগিব
- দাদা অলপ কম নকৰে নেকি ?
- চাওক চাৰিওফালে বৰষুণ । গাড়ী নাই আৰু । যাব মন আছে যদি আহক ।
- দাদা লেডিছ (Ladies) আছে । আগৰ চিট্ টো পোৱা যাব নে ? মই পিছত বহিম এওঁলোকৰ লগত । ড্ৰাইভাৰ জনে ভাৱি উত্তৰ দিলে-
- ঠিক আছে আহক সোনকালে । বিকাশে মালতীক মাতি আনি গাড়ীত বহিল ৷ গাড়ীত বহাৰ লগে - লগে পৰিৱেশটো অলপ আচহুৱা যেন লাগিল মালতীৰ । মদ আৰু চিগাৰেটৰ গোন্ধত গাড়ীৰ ভিতৰত থাকিব নোৱাৰা অৱস্থা । মালতীয়ে নাকত ৰূমাল সোঁপা দি বহি থাকিল । পিছত বহি থকা মানুহ দুজনে মালতীৰ ফালে লুলোপ দৃষ্টিৰে চাই থকা বাবে বিকাশৰ খং উঠিছিল যদিও বাধ্যত পৰি মনে মনে থাকিব লগীয়া হ'ল ৷ এন্ধাৰ গলি এটাত হঠাৎ জোৰকৈ ব্ৰেক মাৰি গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ গ'ল । ড্ৰাইভাৰ জনে নামি গৈ চাই ক'লে-
- অলপ ঠেলিব লাগিব । বিকাশ আৰু আগৰে পৰা সুৰাৰ ৰাগীত মাতাল হৈ থকা দুয়োজনে নামি অলপ দূৰ গাড়ীখন ঠেলি দিলে । গাড়ী চলিব ধৰিলে আৰু সিহঁত আহি গাড়ীত বহিল । হঠাৎ মালতীৰ এনে লাগিল যেন গাড়ীখনত কোনোবা এজন নাই । তাই পিছলৈ ঘূৰি চাই বিকাশক নেদেখি অৱাক হৈ গ'ল । তাই চিঞৰিলে আৰু বিকাশৰ কথা সুধিলে । ড্ৰাইভাৰ আৰু আন দুজনে হাঁহিলে । এজনে সুযোগ বুজি মালতীৰ হাত দুখন বান্ধিলে আৰু ক'লে-
- মাতি লাভ নাই সি শুই আছে....... সাৰ নাপায় কেতিয়াও । মালতীয়ে এতিয়া হে গম পালো যে এই সকলোবোৰ ইহঁত তিনিওৰে পতা এখন ফান্দ হে আছিল । মালতীয়ে বহুত চিঞৰিলে কিন্তু সেই চিঞৰক বাধা দিলে প্ৰচণ্ড বৰষুণে । তাইৰ কৰুণ চিঞৰ কাৰোৰে কাণত নপৰিল । ধুৰন্ধৰ নৰপিশাচ কেইটাই তাইৰ শৰীৰটোৰ ওপৰত জপিয়াই পৰিল । তাইক কামুৰি - আঁচুৰি একাকাৰ কৰিলে । হাতৰ পৰা জেতুকাৰ বোল নোযোৱা মালতীৰ সেই ৰাতিটোত ৬ বাৰকৈ ধৰ্ষণৰ বলি হ'ল । গাৰ পৰা মাহ - হালধীৰ গোন্ধ নাযাওঁতেই তাইৰ শীৰৰ সেন্দূৰ খিনি নাইকীয়া হৈ পৰিল। তাই আইনৰো ওচৰ চাপিলে কিন্তু একো লাভ নহ'ল, বৰঞ্চ তাই হাঁহিৰহে পাত্ৰ হ'ল । সকলোৱে তাইক সন্দেহৰ দৃষ্টিৰে চোৱা হ'ল । ৰাতি হ'লে তাইৰ দুৱাৰত টোকৰ পৰেহি বহুতৰ । মালতীয়ে কেচুৱা জনীক বুকুত বান্ধি শুই থাকে চকুলো মচি । ৰাস্তাৰে ওলালেই তাইক বহুতে ইংগিত দি সুধে "কিমান লাগিব "বুলি । তাই যেন সকলোৰে বাবে এতিয়া মন্দিৰৰ ঘণ্টা টোলৈহে পৰিৱৰ্তন হৈছে । যাৰে যেতিয়া মন তেতিয়াই বজাই থৈ যায় । যাৰে যেতিয়াই মন সৰুৱে হওঁক বা ডাঙৰেই হওঁক তাইক "বেশ্যা"বুলি সম্বোধন কৰে ।