বহুদিনীয়া হেঁপাহ এটি আছিল গাঁৱৰ ভ্ৰমণ কৰাৰ ।
যোৱা ৰাতিৰ কথা মতে সকলোৱে মানে তিনিও বন্ধু পুৱা দহ বজাৰ আগতেই ষ্টেচন পাবগৈ লাগিব । দিনত এখনেই ট্ৰেইন আৰু সিটো দহ বজাতেই এৰি দিয়ে ৷ মই ষ্টেচন আহি দেখিলোঁ মহিয়ে আমালৈ ৰৈ আছে আৰু ইফালে দহ বাজিবৰ হ'ল ৷ কিন্তু হকৰহে খবৰ নাই ৷ তাৰ ফোন আউট অৱ কবাৰেইজ ৷ হকে এইদৰে কথা দি কথা নাৰাখিল তাকে ভাবি আমি দুয়ো বেজাৰ পালোঁ ৷ অৱশেষত আমি খৰগপুৰলৈ বুলি দুটা টিকট কৰি ল'লোঁ ৷ আমাৰ আসন দুখন বিচাৰি উলিয়াই বহি ল'লোঁ ৷ এনেতে হকৰ ফোন আহিল-
-মই আহি পালোৱেই তহঁতে মোৰ টিকটো কৰি ল'।
- ইমান দেৰি....
লগে লগে সংযোগ বিচ্ছিন্ন হৈ পৰিল ।
মহি টিকট ঘৰলৈ ল'ৰ মৰিল ৷ হকৰ টিকট হ'ল । তাৰ আসন একেই ডবাত পৰিছে কিন্তু আমাৰ আসনৰ পৰা অলপ দূৰত ৷ আমি ভাবিলোঁ তাৰ ছিটটো এক্সচেইঞ্জ কৰাই আমাৰ লগতে লম আৰু তিনিও বন্ধু আনন্দতে কথা পাতি যাম ৷
গাড়ীখন যাত্ৰা কৰাৰ হুইচেল বজাই দিলে ৷ এনেতে হক আৰু কেইজনমান যাত্ৰী খপজপকৈ ডবাটোৰ ভিতৰলৈ সোমাই আহিল ৷
অলপ সময় পাছত পিছফালৰ পৰা ছোৱালীৰ মাত যেন কাণত পৰিল-
- এক্সিউজ মি !
মই পিছফালে ঘূৰি চালোঁ, দেখিলোঁ ধুনীয়া ছোৱালী এজনীয়ে মোক কিবা ক'ব বিচাৰিছে ৷ কিন্তু মোৰ চকুহালে তাইক দেখাতে থৰ লাগি ৰ'ল, কল্পনাৰ ঢৌৱে পাশা খেল খেলিব ধৰিল ৷ মনে মনে ভাবিলোঁ ছোৱালী নে সৰগৰ পৰী ! পূৰ্ণিমাৰ জোন যেন তাই, সেন্দূৰীয়া গাল দুখন, ওঁঠ নহয় যেন গোলাপৰ সুকোমল পাহি, চিকচিকীয়া চুলিয়ে ঢৌ খেলি আছে । শৰীৰৰ সুগন্ধিয়ে গোটেই ডবাটো আমোল - মোলাই তুলিছে । সঁচাকৈয়ে ছোৱালী ইমান ধুনীয়া হ'ব পাৰে ? মই ৰ' লাগি চাই ৰ'লো তাইৰ পিনে । আকৌ এবাৰ হেল্ল বুলি কোৱাতহে মোৰ চেতনা ঘূৰি আহিল ।
- অ' আই এম চৰি ৷ কওঁকচোন বুলি সুধিলত তাই ক'বলৈ ধৰিলে-
- আপোনাৰ সোঁফালে থকা খিৰিকীৰ কাষৰ ছিটটো মোৰ হয় ৷ অলপ ছাইড দিয়ক মই বহিম আৰু তাই বহি ল'লে ।
অলপ সময় পাছত ৷ ছোৱালী জনীক ছিট এক্সচেইঞ্জ কৰাৰ কথাটো কেনেকৈ কওঁ ভাবি পোৱা নাই ৷ অৱশেষত সাহস গোটাই ক'লো-
- এক্সকিউজ মি ! আপুনি যদি বেয়া নাপায় তেন্তে কথা এটা কওঁ ৷
আমি তিনি বন্ধু মিলি এখন গাঁৱত ফুৰিবলৈ গৈ আছোঁ ৷ আমাৰ এজনৰ ছিটটো অলপ দূৰত পৰিছে ৷ আপুনি যদি বেয়া নাপায় এই ছিটটো এৰি দি আমাৰ সেইটো ছিটত বাহিলে তেন্তে আমাৰ অলপ ভাল হয়।
- না, নহ'ব ৷ মোৰ ছেটটো খিৰিকীৰ কাষত ৷
- আমাৰ সিটো ছিটও খিৰিকীৰ কাষতে আৰু তাৰ এজনী ভদ্ৰ মহিলাৰ ছিট ৷ আপুনি যদি তাত গুচি যায় তেন্তে আপোনাৰো ভাল হ'ব আৰু আমাৰো ভাল হয় ৷ আমি তিনিও বন্ধু একেলগে বহিব পাৰিম।
- মই তালৈ নাযাওঁ । মোৰ ছিটত মই বহিছো, মই ছিট এৰি নিদিওঁ ৷
বৰ জোৰকৈ ক'বও নোৱাৰোঁ তাৰ নিজৰ ছিট। উপায় অন্তৰ হৈ হক তাৰ ছিটত বহিলগৈ ৷ কিন্তু গোটেই কেইটা মনতে যেন এছাটি নিৰৱতাৰ বা বলি গ'ল।
প্ৰায় এঘণ্টামানৰ পাছত ৷ মই সুধিলো
- আপোনাৰ নাম ?
- জুলিনা হুছেইন, আপোনাৰ ?
- চৰিফ হাছান ৷ কৰবাত গৈছিল নেকি ?
- নাই ৷ মই চহৰৰ বি বৰুৱা কলেজত পঢ়ি আছোঁ।
- অ' আচ্ছা ৷
তাইৰ কথাবোৰ যেন চিনেমাৰ সংলাপৰ দৰে লাগিছিল । কি মৰম লগা মাত।
আবেলিলৈ আমাৰ গন্তব্য স্থান খৰগপুৰ পালোঁগৈ । কিছু সময়ৰ ভিতৰতে হাচিনাই চাহ লৈ সোমাই আহিল । হাচিনা মামাৰ ছোৱালী ৷ তাইয়ো কলেজত পঢ়ি আছে ৷ চাহত হুহা এটা মাৰি মই তাইক ক'লো- হাচিনা আমাক তহঁতৰ গাওঁখন ফুৰাই আনিবিচোন ৷
পিছদিনা ৰাতিপুৱাতে চাহ কাপ গলাধঃকৰণ কৰি আমি ওলালো গাওঁ চাবলৈ । লগত হাচিনা ।
চৌদিশে সেউজীয়া গছ - গছনি । ফলে ফুলে জাতিস্কাৰ । চহৰীয়া যান্তিকতাৰ পৰা বহু আঁতৰত, ৰাজনীতিৰ মকৰা জালৰ পৰা আঁতৰি শান্তি, অপ্নাপন ......। এইবোৰৰ মাজতো মোৰ কিয় জানো বুকুত এক বিশাল শূন্যতা অনুভৱ কৰিলোঁ । তাইকো ইয়াত ল'গ পোৱা হ'লে....!
হঠাৎ মোৰ চকুযোৰ স্থিৰ হ'ল । মই সপোন দেখা নাইতো ..... । নাই মই ঠিকেই দেখিছো । সেই খিৰিকীৰ কাষৰ ছোৱালীজনী । হাতত এপাহি গোলাপ, মুখত এমোকোৰা হাঁহি । তাই মোৰ সন্মুখত আহি ৰৈ গ'ল ৷ দুয়োৰে চকুত চকু পৰিল । তাইৰ হাতৰ ফুল পাহ আগুৱাই দিলে । মই হাতখন আগুৱাই দিলো । হঠাৎ তীব্ৰ বেগী বাইক এখনে তাইক খুন্দা মাৰি মহটিয়াই নিলে আমাৰ সপোন ।
ঠিকনাঃ নগাওঁ ৷








