সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা যিদৰে অপৰিহাৰ্য্য সেইদৰে এখন সুস্থ সমাজত এগৰাকী নাৰীৰ ভূমিকা অতি উল্লেখনীয় । প্ৰাচীন কালৰ পৰাই নাৰীয়ে সামাজিক বিৱৰ্তনত যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে । ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে আমি দেখিবলৈ পাওঁ যে প্ৰাচীন নাৰী আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত থাকিলেও ঘৰুৱা সকলো জঞ্জালৰ পৰা আৰম্ভ কৰি কৃষি কৰ্মলৈকে পুৰুষৰ সমানেই আগুৱাই গৈছিল । কিন্তু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত ভূমিৰ মালিকীস্বত্ব নাৰীৰ হাতত নথকাৰ বাবে কৃষক হিচাপে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত । বাণিজ্য ক্ষেত্রতো নাৰী অতীজৰে পৰা বিদ্যমান । উত্তৰ পূব ভাৰতৰ জাতি - জনজাতিৰ মাজত ভ্ৰাতৃত্ব আৰু সমন্বয় গঢ়ি তোলা "জোনবিল" মেলাৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ বিভিন্ন বাণিজ্য ক্ষেত্ৰত নাৰী তীব্ৰ গতিত আগুৱাই গৈছে । বয়ন শিল্পৰ দ্বাৰা উৎপাদিত উন্নতমানৰ বস্ত্ৰৰ দ্বাৰা আমাৰ মৌলিক প্ৰয়োজন পূৰণ কৰি আহিছে নাৰীয়ে যুগে যুগে । দ্বিতীয়তে, শিক্ষা হ'ল এক পৰিক্ৰমা আমৃত্যুলৈকে আৰু এই শিক্ষাৰ প্ৰাথমিক খিনি জন্মানুক্ৰমে এগৰাকী নাৰীৰ পৰাই বিস্তাৰিত হ'য় ৷ কিয়নো শিক্ষাৰ কঠীয়াতলী হ'ল ঘৰখন আৰু মাতৃ গৰাকী হ'ল প্ৰধান শিক্ষয়িত্ৰী । সন্তানৰ সতে অধিক সময় অতিবাহিত কৰা এগৰাকী মাতৃৰ নৈতিক শিক্ষা পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে উত্তৰণৰ চাবি কাঠি । এই সুন্দৰ মানৱ সৃষ্টিৰ পৰ্য্যায় অৰ্থাৎ শিক্ষাদান পদ্ধতিৰে একো একোখন সুন্দৰ সমাজ গঢ়ি তোলে । জন্মদাত্ৰীয়েই হওঁক বা পালিতায়েই হওঁক যিয়েই এটি শিশুক সামাজিক ভাৱে সততা, নিষ্ঠা, একাগ্ৰতা, শৃংখলাবদ্ধতা ন্যায় পৰায়নতাৰ শিক্ষা দিয়ে সেইগৰাকীয়েই শিশুটিৰ প্ৰকৃত মাতৃ ৷ সমাজ উত্তৰণকাৰী মানৱৰ প্ৰকৃত সৃষ্টিকাৰী । সেয়েহে নেপোলিয়ন বোৰ্নাপটে এক বিখ্যাত উক্তি দি নাৰী সমাজক উদ্ধুত কৰিছে । তেওঁ কৈছে- "মোক এগৰাকী ভাল মাতৃ দিয়া মই তোমালোকক এখন সুন্দৰ দেশ দিম ৷" ইয়াৰ দ্বাৰা এগৰাকী নাৰী যে এখন সবাংগ - সুন্দৰ সমাজ গঢ়াৰ ক্ষেত্ৰত অতিকে অপৰিহাৰ্য্য তাৰেই আভাস দিয়া হৈছে ।সাহসৰ ক্ষেত্ৰতো নাৰী অত্যন্ত সাহসী । তাৰ প্ৰমাণ মানুহে যুগে যুগে পাই আহিছে । ঝাঞ্চীৰ ৰানী, লক্ষ্মীবাই, মূলাগাভৰু, বৰ ৰজা ফুলেশ্বৰী, আদিৰ পৰা আৰম্ভ কৰি কল্পনা চাওঁলা, সুনীতা উইলিয়ামছ, ৰাধিকা মেনন ইত্যাদি । কেপ্তেইন ৰাধিকা মেননে বিগত বৰ্ষত সাগৰৰ সুউচ্ছ ঢৌ আৰু প্ৰৱল বতাহৰ প্ৰত্যাহ্বান নেওচি বংগোপ সাগৰৰ পৰা ৭ জনকৈ মাছমৰীয়াক উদ্ধাৰ কৰি যি সাহসিকতাৰ পৰিচয় দিছে ই অতি প্ৰশংসনীয় । তাৰ বাবে তেওঁ আন্তৰাষ্ট্ৰীয় "বেভাৰি্ - এট - চি" বঁটাও লাভ কৰে ৷ প্ৰশাসনীয় সেৱাৰ ক্ষেত্ৰতো নাৰী দোপতদোপে আগুৱাই গৈছে । প্ৰত্যেক বৰ্ষতে নাৰীয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ উপৰিও কৰ্ম ক্ষেত্ৰতো পাৰদৰ্শিতা অৰ্জন কৰিছে । এটা জাতিৰ, এখন সমাজৰ, এটা সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । যেনেদৰে মাতি অবিহনে পাত্ৰ তৈয়াৰ কৰিব নোৱাৰি, সোন অবিহনে অলংকাৰ তৈয়াৰ কৰিব নোৱাৰি ঠিক সেইদৰে নাৰী অবিহনেও এখন সমাজ কল্পনা কৰিব নোৱাৰি । সেয়েহে বহুক্ষেত্ৰত এগৰাকী নাৰীক দেৱীতুল্য জ্ঞান কৰা হয় । সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতো নাৰীসকল অত্যন্ত সংবেদনশীল । সংস্কৃতি এটা জাতিৰ, এখন সমাজৰ মেৰুদণ্ড স্বৰূপ । এই মেৰুদণ্ড সবল কৰি তোলাৰ ক্ষেত্ৰত পুৰুষৰ সমানেই নাৰীয়ে অৰিহনা যোগাইছে । বলিউডৰ পৰা হলিউডলৈকে, ভাৰত নাট্যমৰ পৰা বিহু নৃত্যলৈকে নাৰীৰ অবাধ দখল প্ৰণিধানযোগ্য ৷ তদুপৰি সাহিত্যই এখন সমাজক প্ৰতিনিধিত্ব কৰে ৷ আজিৰ নাৰীয়ে সৃষ্টি বিচক্ষণতাৰে সাহিত্যৰ পথাৰত ইমান দৃঢ়তাৰে খোজ পেলাইছে যে সমাজ জীৱনত সবাংগীন প্ৰভাৱ পেলাইছে ৷ সৃষ্টিমূলক লেখনিৰ জৰিয়তে নাৰীয়ে সামাজিক উৎকষ সাধনৰ ক্ষেত্ৰত সমানেই অৰিহণা যোগাইছে । ৰাজনৈতিক ক্ষেত্ৰতো নাৰীৰ বিচক্ষণ ক্ষমতা কোনো কালেই কম নহয় ৷ ইংৰাজৰ দিনতেই একাংশ দক্ষ, শিক্ষিতা নাৰীৰ তৎপৰতাত ভাৰতীয় নাৰীৰ ভোটাধিকাৰ ৰাজনৈতিক দিশত সম অধিকাৰ পোষণ কৰিছিল । ফলত ভাৰতীয় সংবিধানখনতো এই বিষয় বোৰ সন্নিবিষ্ট হ'ল ৷ ডৰথী জিনাৰাজ দাস, এনি বেচান্ত, মাগাৰেট কুচিন, সৰোজিনী নাইডু, হীৰা বাই তাৰা, হংস মেহেতা, আদিয়ে নাৰীৰ ৰাজনৈতিক অধিকাৰৰ বাবে অহোপুৰোষাৰ্থ চেষ্টা চলাইছিল আৰু তাৰ ফলশ্ৰুতিতে আজিৰ ৰাজনৈতিক পথাৰত নাৰীয়ে দোপতদোপে আৰোহণ কৰি সুন্দৰ ভাৱে এখন দেশ পৰিচালিত কৰিছে। মহাকাশৰ বুকুত মুক্ত বিহংগৰদৰে ঘুৰি ফুৰিছে । পৃথিৱী খনক ন' ন' তথ্যৰে অধিক আগবাঢ়ি যোৱাত সহায় কৰিছে । বৰ্তমান ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীক ঘৰখনৰ চাবিকাঠি বুলি কোৱা হ'য় ৷ কিয়নো উপাৰ্জনমূখী পুৰুষ সকলক ঘৰখনৰ সমস্ত দায়িত্বৰ পৰা এগৰাকী গৃহিনীয়ে মুক্তি দিয়ে । যি গৰাকীক আজিৰ দিনত হাউছ ওৱাইফ বুলি কওঁ । কিন্তু এগৰাকী হাউচ ওৱাইফ অৰ্থাৎ গৃহিনী এগৰাকীৰো সামাজিক উত্তৰণত যথেষ্ট অৰিহনা আছে ৷ পৰিয়ালৰ সকলো সদস্যৰ ভাল লগা - বেয়া লগাবোৰৰ পৰা আৰম্ভ কৰি ৰন্ধা - বঢ়া, বজাৰ - সমাৰ, সন্তানৰ শিক্ষা, বেমাৰ - আজাৰ, সকলোখিনি নাৰীয়ে চম্ভালি ৰাখে । তদুপৰি "পাকঘৰেই স্বাস্থ্য" এই বাক্য সাৰোগত কৰি একো গৰাকী নাৰীয়ে প্ৰতিজন ব্যক্তিৰে সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘজীৱিৰ কামনাৰে সমাজলৈ আৰু দুদিন বেছিকৈ অৱদান আগবঢ়াবলৈ অহোপুৰোষাৰ্থ চেষ্টা কৰে । গতিকে এই পৰ্যায়টো সামাজিক উত্তৰণত নাৰীৰ ভূমিকা নুই কৰিব নোৱাৰি ।
সামাজিক উত্তৰণত যে এগৰাকী নাৰীৰ অৱদান অতি উল্লেখনীয় তাক যুগে যুগে প্ৰমাণিত হৈ আহিছে । এগৰাকী বিশ্ববৰেণ্য কৰুণাময়ী মাতৃ মাদাৰ টেৰেছাৰ ভাষাৰেই কওঁ "নাৰী হ'ল জীয়াই থকাৰ প্ৰেৰণা ।" আশাহীনতাৰ আশ্ৰয় স্থল ৷ ভোকাতুৰ ৰোগীয়া দুৰ্বলীজনক সবলী কৰি তেওঁ পুনৰ কৈছে "দৰিদ্ৰ সকলেই আমাৰ সমাজ আৰু তেওঁলোকৰ স্বাস্থ্যই আমাৰ স্বাস্থ্য ।" এইগৰাকী যুগোশ্লোভিয়াৰ মহিয়সী নাৰীয়ে কৰ্মৰে মানৱ সমাজ উত্তৰণত যথেষ্ট বৰঙণি আগবঢ়াইছে ৷








