(১)
সন্ধিয়াৰ সময়ত খোলা খিৰিকীৰ কাষত ৰৈ আকাশ খনলৈ চাই থকাটো তাইৰ সহজ অভ্যাস । আজিও তাৰ ব্যতিক্ৰম নহ'ল । ক্ৰমশঃ গাঢ় হৈ আহিছে আন্ধাৰ । আকাশৰ অ'ত ত'ত উজ্জ্বলি উঠিছে এটি দুটি তৰা ৷
এৰা ! আন্ধাৰৰো আছে নিজস্ব ৰং । অহংকাৰ কৰিব পৰা ৰং।
এই ৰং অবিহনে জোন, তৰা কিম্বা জোনাকীৰ পোহৰৰ অস্তিত্বই বা ক'ত!!
সৰুতেই আকাশৰ প্ৰেমত পৰিছিল তাই । বুকুত বাঢ়িছিল আকাশ খনক চুই চোৱাৰ তীব্ৰ হেঁপাহ ।
মন গৈছিল হেৰাই যাবলৈ আকাশৰ বিশালতাত ।বাৰে বাৰে চাইছিল তাই আকাশ খনলৈ । কিন্তু আজিকালি আকাশলৈ চালেই বুকুত ভিৰ কৰেহি অতলান্তিক শূন্যতাই । তথাপি তাই আকাশলৈ চাই আৰু তৰাবোৰৰ মাজৰ আটাইতকৈ উজ্জ্বল তৰাটোক প্ৰশ্ন কৰে সদায়- কুশলে আছানে তুমি ? তুমি গুচি যোৱাৰ পিছৰে পৰা মই চোন কুশলে থকা নাই । কুশলে থাকিব পৰা নাই তোমাৰ হিয়াৰ পুতলী ৷
(2)
ফাগুনৰ বাঁহী বাজিছে ৷ পলাশ শিমলুৰ ডালত ৰাগী লাগিছে ৷ ৰঙতে ৰাঙলী হৈ উঠিছে চৌপাশ ।এদিন তাইৰ জীৱনতো ৰং লাগিছিল । দুচকুত চকু থৈ তেওঁৰ স'তে যেতিয়া প্ৰেমৰ আদিপাঠ
আওৰাইছিল এনে লাগিছিল তাইৰ বুকুৰ বননিলৈও যেন নামিছিল উতলা ফাগুন ।মনাকাশত ৰঙা নীলা হালধীয়া অযুত চিলা উৰিছিল, আশাৰ কুঁহি গজিছিল আৰু দুচকুত ঘৰ সাজি বহিছিলহি এটা সেউজীয়া সপোনে ৷
(৩)
সপোন দিঠক হৈছিল । সজালধৰা শস্যৰ দৰে সপোনময় আহিনে হালিছিল, জালিছিল । মুঠি মুঠিকৈ প্ৰিয়জনে তাইৰ সেওঁতাত সানি দিছিল কৃষ্ণচূড়াৰ ৰঙা । নিয়ৰ ভাঙি তেওঁৰ লগত তাই যাত্ৰা কৰিছিল তৰাৰ দেশলৈ । য'ত নাওঁ হৈছিল হালধীয়া জোনটো ।
তাইৰ হাঁহিত উজ্জ্বলিছিল নতুন ঘৰখনো ৷
দেউতাকে চিঠিত লিখা কথাবোৰ আখৰে আখৰে মানি নতুন ঘৰ খনত হাঁহি মাতি থাকিছিল তাই ।
মৰম ভালপোৱাই মেৰিয়াই ধৰিছিল, ৰঙা ৰিহাৰ আঁচলত তাই আটি আটি বান্ধিছিল সুখবোৰ । নিজকে কাতিৰ কুঁৱলীসনা পুৱাৰ তল সৰা শেৱালিৰ দৰে লাগিছিল তাইৰ আৰু তেওঁ যেন আলফুলে তুলি লৈছিল তাইক দুহাতৰ আজলিত । স্বপ্নাতুৰ আলোকৰ মানুহ জনৰ মনটোক বাধা দিয়াৰ শক্তি অথবা মন এটাও নাছিল তাইৰ । যাৰ বাবে নিয়ৰৰ জুনুকা বজা ৰাতি ৰুণুক জুনুক জুনুকা বজাই ঘূৰি ফুৰিবলৈ বাট বিচাৰি লৈছিল এটা মধুৰ সপোনে ৷
(৪)
ফাগুনে আঁকি দিছিল আবিৰ । সহ্য নহ'ল পচোৱাজাকৰ ...
ধূলিৰে ঢাকি দিলে সেয়ে জীৱনৰ ৰং ।
সুখ বান্ধি থোৱা ৰঙা ৰিহাখন খোল খাই পৰিছিল হঠাত্ ৷
চনকা ডালৰ দৰে ভাগিল সপোন । সুখবোৰ সৰাপাত হৈ পৰিল আৰু দুখৰ শীতে কোঙা কৰা লঠঙা গছ এজোপাৰ দৰে তাই মাথোঁ থৰ হৈ ৰৈছিল । চিৰদিনৰ বাবে যিজোপা গছে হেৰুৱাইছিল বসন্তৰ ঠিকনা ।
বুঢ়া লুইতৰ বুকুত হেৰাই যোৱাৰ তীব্ৰ হেঁপাহ জাগিছিল তাইৰ । কিন্তু এখন কণমানি হাতে টানি ধৰিছিল তাইৰ শুভ্ৰ আঁচল । যাৰ বাবে তাই আজিও জীয়াই আছে । যন্ত্ৰণাক দেও দি । যন্ত্ৰণাৰ স'তে যুঁজি যুঁজি । যন্ত্ৰণাক হৰুৱাই ।
(৫)
সন্ধিয়াৰ পৰা এইবোৰ কথাকে ভাবি ভাবি খিৰিকীৰ কাষত ৰৈ আছে "মমতা"। বুকুত লৈ পাৰ হৈ যোৱা মাঘৰ মেজি । য'ত জ্বলে সুখ ৷ নজ্বলে যন্ত্ৰণা ৷ সাত বছৰৰ আগৰ ফাগুনময় দিনবোৰৰ কথাবোৰ তাইৰ এতিয়া পুৰাণৰ সাধু যেন লাগে । যি স্মৃতিয়ে মাথোঁ জ্বলাব জানে ৷
দুখ বোৰ কাৰ আগত প্ৰকাশ কৰিব তাই ? বাবুল এতিয়াও সৰু হৈ আছে ৷ সি তাইৰ বগা সাজযোৰ মাথোঁ তধা লাগি চাই । দেউতাকো কাষত নাই ৷ জেঠমহীয়া তেওঁৰ বছেৰেকীয়া হৈ গৈছে ৷
ৰি ৰি কৈ বাজি আছে ফাগুনৰ বাঁহী । ৰংবোৰে চুব নোৱাৰে মমতাক । মাথোঁ ধূলিৰ ধুমুহাত কঁপে বুকুৰ ঘৰ । উতনুৱা পছোৱাই কঁপাই তাইৰ শুভ্ৰ আঁচল ।
বুকুৰ গভীৰ তৰৰ পৰা হুমুনিয়াহ এটা উলাই আহে মমতাৰ । বহু দিনৰ মূৰত আকৌ কাগজ কলম উলিয়াই লৈ যন্ত্ৰণাৰ চিয়াহীৰে লিখিবলৈ আৰম্ভ কৰে সেইখন চিঠি ...
মৰমৰ,
এয়া মম এডাল জ্বলাই লৈছোঁ ৷ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লেখোঁ বুলি ।......
(হেম বৰুৱাৰ মমতাৰ চিঠিৰ আলমত)
ঠিকনাঃ শিৱসাগৰ ৷
ভ্ৰাম্যভাষঃ ৮৭২৪৮৯২৩০৩ ৷








