ধৰাৰ বুকুৰ পৰা জাৰৰ নিহালিখন গুচাবলৈ চুটি খোজেৰে কোমল ৰ'দজাক আঁচলত বান্ধি লৈ নামি আহিল ফাগুন । তাৰ আগমনে প্ৰতিজোপা বৃক্ষৰ সেউজ বুকুত বিষাদৰ স্পন্দনে চুই গছবোৰৰ বুকু উদং কৰিলে । যেন ফাগুনৰ এমুঠি বিৰহী গানৰ সুৰে ছানি ধৰিলে আকাশ - বতাহ । প্ৰকৃতিৰ এই বিধ্বসী ৰূপেই হ'ল ফাগুন । কথাতে কয় বোলে "ফাগুন মানেই আগুন !"
;
ফাগুন মানেই বতাহৰ উদং নৃত্য, বাটৰ ধূলিৰ সৈ'তে উষ্ম আলিংগন । এজাক মতলীয়া বতাহজাকৰ পৰশে পথৰ দুয়ো কাষে পৰি ৰোৱা শুকান হালধীয়া পাতবোৰক প্ৰাণ দিয়ে আৰু এই উতলা ফাগুনৰ উন্মাদনা বুকুত সানিয়ে পলাশ - মদাৰে শূন্য বুকুখন ৰঙীন কৰে, শিমলুৰ ৰঙা ওঁঠত বতাহজাকে এধানি আঙুলিৰে চুই ফাঁকু খেলে, নৈ পাৰত বালিয়ৰিত এজাক পখীয়ে সপোনৰ ঘৰ সাজে আৰু উদাসীন আকাশৰ বুকুত ভিন্ন ৰঙৰ চিলাবোৰে মেলা পাতে । এই সকলোবোৰৰ আঁৰতে লুকাই থাকে উতলা ফাগুনৰ এক অনন্য ৰূপ-ৰং ।
:
সৃষ্টিৰে পৰা ফাগুন আৰু ফাগুনীৰ যেন এক এৰাব নোৱাৰা সম্বন্ধৰ জৰিৰে বান্ধ খাই আছে । সেইবাবেই হয়তো দুয়ো কোনেও কাকো এৰি অকলে আহিব নোৱাৰে । পখিলা খেদা বয়সতে মই ফাগুনী প্ৰেমত পৰিছিলো ! তাইৰ সেই আউলি - বাউলি চুলি খিনিৰ আৰু সৰাপাতৰ বুকু গচকি ধূলি উৰুৱাই লক্ষ্য দিশে আগুৱাই যোৱা দৃশ্যৰ । এসময়ত ফাগুনী মোৰ বৰ প্ৰিয় আছিল । তাৰ বাবে হয়তো আজিও ফাগুন আহিলে আৱেগিক হৈ পৰো, ডায়েৰীৰ পুৰণি পৃষ্ঠাবোৰ ওলোটাই নষ্টাল'জিক দিনবোৰ সুঁৱৰি । মনত পৰে এই ফাগুনৰ হেঙুলীয়া আবেলিবোৰত ফাগুনী মলয়াৰ আঙুলিত ধৰি কিমান যে সপোনৰ চিলাবোৰ উৰুৱাইছিলো, সোণাৰুৰ হালধীয়া ওৰণি টানি ফাগুনৰ যৌৱন সজাইছিলো ।
;
সেই যে ফাগুনী পূৰ্ণিমাৰ দিনা পুৱাই দুয়ো মিলি ফাঁকু গুৰিৰে সজাইছিলো আকাশ - বতাহ আৰু গোটেই দিনটো সানমিহলি ৰঙত ডুবি আছিল আমাৰ অবুজ দুটি দেহা । সেইদিনা আমাৰ শৰীৰৰ লগতে পোছাকৰো কোনো নির্দিষ্ট ৰং নাছিল, নাছিল সুখ নিৰ্দিষ্ট সীমা মাথোঁ প্ৰতিফলিত হৈছিল হাঁহিভৰা মুখমণ্ডলত হর্ষ, উল্লাস আৰু সদ্ভাৱ । তাৰেই এমুঠি অনুভৱ - অনুৰাগৰ মধুৰ স্মৃতি আজিও মোৰ বাবে সানসপটত সজীৱ হৈ আছে , ফাগুনী... !








