অসমীয়া সাহিত্যৰ ওৱৰ্ডছৱৰ্থ ৰূপে পৰিচিত ৰঘুনাথ চৌধাৰী এজন সাৰ্থক ৰোমাণ্টিক কবি ৷ প্ৰকৃতি জগতক কেন্দ্ৰ কৰি তেওঁৰ প্ৰায় সকলোবোৰ কবিতাৰ বিষয়বস্তু আৰু চৰাই হৈছে তেওঁৰ কবিতাত সকলো সৌন্দৰ্যৰ আধাৰ ৷ সেয়ে তেওঁ বিহগী কবি ৰূপেহে বিশেষ ভাবে পৰিচিত ৷ নৈসৰ্গিক শোভাৰে বিঢৌত কৰি প্ৰকৃতিৰ কবি জনাই সৃষ্টি কৰা কাব্যাদৰ্শৰ তুলনা নাই ৷ বশিষ্ঠাশ্ৰম হৈছে এনে এক কবিতা য’ত পৰশ পৰিছে কবিজনাৰ কাব্য কুশলতাৰ ৷
গুৱাহাটী মহানগৰীৰ দক্ষিণ দিশত অৱস্থিত সন্ধ্যাচল পৰ্বতৰ বুকুত প্ৰকৃতিৰ কাব্যবন হৈ খুদিত হ’ল ঋষি বশিষ্ঠৰ জীৱন কাহিনী ৷ নৰকাসুৰৰ উপেক্ষা, নিমি ৰজাৰ অভিশাপ মোৰ পাতি লৈ নিজক প্ৰতিষ্ঠাৰ প্ৰচেষ্টাত অতল বশিষ্ঠৰ গৌৰব বশিষ্ঠাশ্ৰম ৷ যাৰ সৌন্দৰ্যত উতলা কবিয়ে গাইছে প্ৰকৃতি বন্দনা ৷ সংসাৰ যাত্ৰাত তাপিত পথিকৰ শান্তি নিকেতন সন্ধ্যাচল পৰ্বত কবিৰ দৃষ্টিৰে অময়া প্ৰেমৰ পুৰি, নিস্তদ্ধতাই বিৰাজ কৰা ইয়াৰ বুকুলৈ আহিলে মানুহে অমৰ বাঞ্চা কৰে ৷
সন্ধ্যা, ললিতা, কান্তাৰ সংগমস্থল বশিষ্ঠাশ্রমক লৈ বিস্ময়াভূত হৈ পৰা কবি চৌধাৰীৰ চিন্তা - চেতনাত স্বভাৱ সুন্দৰী তিনিও গৰাকী পৰ্বত জীয়াৰীৰ ব্ৰহ্মপুত্ৰ স্বামীক উপলক্ষ্য কৰি কৰা যাত্ৰা অতি চিত্তাকৰ্ষক-
সন্ধ্যা - ললিতা - কান্তা পৰ্বত জীয়াৰী
তিনিওটি বাই - ভনী স্বৰ্গীয় ভাৱত
মহিমাৰ গীত গাই স্বভাব সুন্দৰী,
সম্ভাষিছে ব্ৰহ্মপুত্ৰ স্বামীৰ কোলাত ৷”
কল্পনা প্ৰৱণ কবিৰ মনত বিনন্দীয়া প্ৰকৃতিৰ ৰূপ ৷ আশ্ৰমৰ ফুলৰ শাৰী, গছ লতিকা দু খাই থাকে বশিষ্ঠক শ্ৰদ্ধা নিবেদি, আকাশত পৰিভ্ৰমী চৰাইবোৰো মতলীয়া ভক্তি ভাবেৰে ৷ হিন্দু ধৰ্মৰ গৌৰৱ ঘোষণা কৰি বিয়পি পৰা হোমৰ গোন্ধ আৰু বেদৰ ধ্বনিত মূখৰিত হৈ পৰা বশিষ্ঠা শ্ৰমৰ প্ৰেমত মুগ্ধ হৈ থাকে চৰাই আৰু বনৰ পহুবোৰ ৷ ইয়াকে উপলক্ষ্য কৰি স্বৰ্গত উঠে সংগীতৰ লহৰ মৰতত দীপক পঞ্চম সুৰত ঋষি কণ্যাৰ সুৰৰ ঝংকাৰ ৷ কবিৰ দৃষ্টিৰ স্বৰ্গীয় শোভাৰে সুশোভিত হৈ পৰা আশ্ৰমখন অমৰাৱতী স্বৰূপ, ফুলেৰে পৰিব্যস্তিত বননিখনত আনন্দৰ পয়োভৰ ৷
ঋতুৰাজ বসন্তৰ সম্ভাষণত সৌন্দৰ্য মণ্ডিত পুষ্প কাননখন সন্ধ্যা - সমীৰে বোৱাই লৈ অহা শান্তিৰ সুধাৰে মত্ত, কুলিৰ অপূৰ্ব তান আৰু জিলিৰ মিলন বীণাৰ সুৰত বাজি উঠে প্ৰকৃতি ভেদি ললিত ঝংকাৰ -
ঋতুৰাজ বসন্তৰ প্ৰিয় সম্ভাষণে,
সৌন্দৰ্য ওপচি পৰে পুষ্প কাননৰ
ফুলৰ সুগন্ধ আনি সান্ধ্য সমীৰণে,
বিলাইছে শান্তি সুধা স্বৰ্গীয় প্ৰেমৰ ৷
সুৱগী কুলিয়ে মাতে অপূৰ্ব তানেৰে
জিলিয়ে বজায় বীণা মিলন সুৰত,
নীৰৱ প্ৰকৃতি ভেদি ললিত ঝংকাৰে
উঠে তাৰ প্ৰতিধ্বনি কাম্য কাননত ৷”
শৰতৰ পুৱতি নিশাৰ চন্দ্ৰৰ ম্লান জ্যোতিৰে বিৰিঙি উঠা ফুলৰ থোপাৰ মনোমোহা সৌন্দৰ্যৰে পূৰ্ণ বসুন্ধৰাত পৰাণ বিভোৰ কৰা পবিত্ৰ ভাবৰ আলয় ৷
সেউজেৰে আৱৰা শিলাময় পৰ্বতে কঢ়িওৱা অনেক গৌৰব স্মৃতি, পুণ্য কথা আৰু উত্থান পতনৰ সাক্ষী বশিষ্ঠাশ্ৰম আৰ্য সভত্যাৰ বাটকটিয়া হৈ উজ্জ্বলি আছে ৷ কত যুগৰ সাক্ষী হৈ, আৰ্যৰ গৌৰব শিৰত লৈ, মৰতৰ সৌন্দৰ্য্যৰ আঁকৰ হৈ অক্ষত ৰূপতেই ৷
ঠিকনাঃ প্ৰবক্তাঃ অসমীয়া বিভাগ, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় ৷








