সংস্কৃতি মানৱ সমাজত জন্ম লাভ কৰি মানৱ সমাজলৈ কঢ়িয়াই অনা অপৰিসীম আনন্দৰ বাহক। মানুহ সামাজিক জীৱ ৷ এই সামাজিক জীৱ মানুহ ভিন্ন ভিন্ন সামাজিক পৰিস্থিতিত সৃষ্টি কৰা অভিন্ন আচৰণৰ সমষ্টিৰ আধাৰত সংস্কৃতিৰ জন্ম । উৎসৱ - পাৰ্বন সমূহ সংস্কৃতিৰে ভিতৰুৱা বস্তু । উৎসৱ পাৰ্বনত অসম এখন চহকী ৰাজ্য । অসমৰ সংস্কৃতি বিশেষকৈ লোক সংস্কৃতি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ তুলনাত বিচিত্ৰ হোৱাৰ দৰে উৎসৱ পাৰ্বনসমূহো বিচিত্ৰ কলা - কৌশলেৰে পৰিপূৰ্ণ ।
অসমৰ ধৰ্মীয় তথা আনন্দ উৎসৱ সমূহৰ ভিতৰত যিবোৰ উৎসৱ পাৰ্বনৰ স্থান উৰ্ধত তাৰ ভিতৰত ফাকুৱা উৎসৱ অন্যতম ৷ ফাকুৱা উৎসৱক হিন্দীত 'holi' নামেৰে জনাজাত । ফাকুৱা আকৌ অসমত "দৌল উৎসৱ" নামেৰে জনাজাত । সংস্কৃত 'দেৱদ'ল' শব্দৰ পৰাই এই দেউল বা দৌল শব্দৰ উৎপত্তি হোৱা বুলি কোৱা হৈছে । ফাকুৱাৰ আন কিছুমান নাম যেনে- ফল্গুৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি । ফাকুৱা উৎসৱ মদন পূজাৰ এক আনুষংগিক উৎসৱ । হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ আৰাধনা কৰাই ইয়াৰ উদ্দেশ্য । ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে এই উৎসৱ ভাৰতবৰ্ষত পালন কৰা হয় । এই উৎসৱৰ লগত বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে । তাৰে ভিতৰত এটি উল্লেখযোগ্য আখ্যান হ'ল-হিৰণ্য কশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলীকাক নিৰ্দেশ দিয়ে আৰু হোলীকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই সেই জুইত ভস্ম হয় ৷ শেষত হোলীকাই নিজৰ ভুল বুজিব পাৰে আৰু প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে । প্ৰহ্লাদে হোলীকাক ক্ষমা কৰি দিয়ে লগতে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলীকাক স্মৰণ কৰিব বুলি বৰ দিয়ে ।
অসমত ফাকুৱা 'ফল্গুৎসৱ' বা দৌল উৎসৱ ' নামেৰে উদযাপন কৰা হয় । অসমত দৌল উৎসৱৰ জন্মদাতা শ্ৰীমন্ত শংকৰদেৱ । তীৰ্থ ভ্ৰমণ কৰা সময়চোৱাত গুৰুজনাই ভাৰতবৰ্ষৰ বিভিন্ন বৈষ্ণৱ ধামত লগ পোৱা সন্ত - মহন্ত সকলৰ পৰাই বিষ্ণু বা কৃষ্ণৰ মাহাত্ম্য প্ৰকাশক দৌল উৎসৱৰ কথা শুনিছিল আৰু তীৰ্থ ভ্ৰমণৰ পৰা উভতি আহি গুৰুজনাই বৰদোৱাত এই উৎসৱ অসমীয়াৰ থলুৱা ৰীতি নীতিৰে পালন কৰিছিল ৷ বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা ১৮১৮ শকত । সেইদিন ধৰি আজিলৈকে অতি উলহ মালহেৰে পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে ৷ বৰ্তমান সময়ত বৰপেটাৰ দৌল উৎসৱৰ মাহাত্ম্য অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰকাশিত হৈছে ৷
বৰ্তমান অসমৰ বিভিন্ন ঠাইত দৌল উৎসৱ বিভিন্ন ধৰণৰে পালন কৰা দেখা যায় । তাৰে ভিতৰত বৰপেটা, বৰদোৱা, দৰং, মাজূলী, বংশৰ, হাজো ইত্যাদি । বিশেষকৈ আন ঠাইৰ তুলনাত বৰপেটা সত্ৰৰ দৌল উৎসৱৰ এক সুকীয়া স্থান আছে । হিন্দু সংস্কৃতিৰ পৃৰ্ণ প্ৰতীক শ্ৰীকৃষ্ণৰ লগত এই ধৰ্মীয় লোক উৎসৱটিৰ মাহাত্ম্য জড়িত হৈ আছে । অসমীয়া জাতিৰ পিতামহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত যি ৰীতি নীতিৰে পালন কৰিছিল তাৰ আৰ্হিত বৰপেটা সত্ৰটো দৌল উৎসৱ পালন কৰি অহা উল্লেখ গুৰুচৰিতত আছে ৷
সত্ৰ, কীৰ্তন ঘৰ, মঠ মন্দিৰ, আদিত এই দৌল উৎসৱ উপলক্ষে নানান ধৰণে পূজা পাতল আদি পৰম্পৰাগত ভাৱে পালন কৰা হয় । মঠ- মন্দিৰ, সত্ৰ আদি নথকা ঠাইতো এই উৎসৱ অতি উলহ মালহেৰে পালন কৰা হয় । এই উৎসৱৰ লগত কোনো সংহতি নতুবা ধৰ্মানুষ্ঠানৰ লগত প্ৰভেদ দেখা নাযায় ৷ সকলো শ্ৰেণীৰ মানুহে এই উৎসৱত ভাগ ল'ব পাৰে ৷
অসমীয়া জাতীয় জীৱনৰ পিতামহ শ্ৰীমন্ত শংকৰদেৱৰ যোগেদি উৎপত্তি হোৱা অসমৰ দৌল উৎসৱ অসমৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সমানে জনপ্ৰিয় ৷ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহেৰে পৰিপূৰ্ণ আৰু ধৰ্মীয় আচাৰ ব্যৱহাৰো বেলেগ বেলেগ । কিন্তু অসমত এনে কিছুমান উৎসৱ পালন কৰা হয় য'ত কোনো ধৰ্মীয় নীতি নিয়ম হেঙাৰ হ'ব নোৱাৰে তাৰে ভিতৰত দৌল উৎসৱ প্ৰধান ৷
ৰাজহুৱা ক্ৰিয়া কাণ্ড, আচাৰ - অনষ্ঠানৰ সৈতে আন আন সামাজিক আচৰণ সংযুক্ত হৈ উৎসৱ - অনুষ্ঠানৰ জন্ম হৈছে । এই অনুষ্ঠানে একোটা জাতিৰ ঐতিহ্য আৰু উৎকৰ্ষৰ পৰিচয় বহণ কৰে ৷ অসমত পৰম্পৰাগত চলি অহা দৌল উৎসৱে ধৰ্মীয় দিশৰ লগতে সমগ্ৰ অসমীয়া জাতিক এক ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধি ৰাখিছে ৷
অসমৰ দৌল উৎসৱে তাৰ সাতোৰঙী আভাৰে অসমৰ এলান্ধুকলীয়া ৰঙৰ প্ৰলেপ আঁতৰাই ৰামধেনুৰ ৰঙেৰে উজ্জ্বল কৰি তোলক সেয়াই আমাৰ কাম্য ।
সহায়ক গ্ৰন্থপঞ্জী-
- গোস্বামী, প্ৰফুল্লঃ- "অসমীয়া জনসাহিত্য"
- দাস, অংশুমানঃ- "অসমৰ উৎসৱ পাৰ্বন বুটলি"
- বৰুৱা, বিৰিঞ্চি কুমাৰঃ- "অসমৰ লোক সংস্কৃতি"
- ভট্টাচাৰ্য, প্ৰমোদ চন্দ্ৰ (সম্পা)- "অসমৰ লোক উৎসৱ"
- হাজৰিকা, অতুলচন্দ্ৰঃ- "উৎসৱৰ ভোগজৰা"
ঠিকনাঃ কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, স্নাতকোত্তৰ বৰ্ষ ৷
দূৰভাষঃ- ৯৭০৬৮২৯১৫৭ ৷








