হীনমন্যতাক সুখৰ অন্তৰায় হ'বলৈ নিদিব (লোকেশ্বৰ গগৈ)

অপৰূপা এই ধুনীয়া ধৰণীত মানুহেই বোধহয় একমাত্ৰ জীৱ যি নিজক আনৰ লগত তুলনা কৰি অবাঞ্চিত হীনমন্যত ভুগি সুন্দৰ জীৱনটোক অসুখী কৰি তোলে । তুলনাৰ পৰাই গৌৰৱ ওপজে ৷ তুলনাই মানৱ জীৱনলৈ মাতি আনে হীনমন্যতা অথবা উচ্চাত্মিক ভাৱ ৷ বোধহয় পৃথিৱীত এনে মানুহ নোলাব যি এবাৰ হ'লে হীনমন্যতা (নীচাত্মিকা) বা উচ্চাত্মিকাৰ (উচ্চাকাংক্ষা) বলি হোৱা নাই ৷ তুলনাৰ পৰা সৃষ্ট গৌৰৱ প্ৰধানকৈ তিনি ঠাইৰ পৰা ওপজে ক্ৰমে- সৌভাগ্য, শৰীৰ আৰু মন/মানসিক । মন বা মানসিক বৃত্তি বিলাকৰ উৎকৰ্ষ সাধনৰ পৰা সৃষ্ট গৌৰৱ স্বৰ্গীয়, চিৰ সুন্দৰ আৰু অবিনশ্বৰ । তথাপিতো আমি সকলো কথা জানিও বংশ, ধন - সম্পত্তি, মান - সন্মান, ৰূপ - গুণ, স্বাস্থ্য - বল, শক্তি - সামৰ্থ, পদবী - গ্লেমাৰ আদিক বেছি প্ৰাধান্য দিওঁ ৷ যাৰ ফলশ্ৰুতিত আমি হীনমন্যতাৰ চিকাৰ হৈ এটা সুন্দৰ - উজ্জ্বল জীৱন অসুখী কৰোঁ ৷


হীনমন্যতাৰ পৰিবৰ্তে এটা চিৰ সুন্দৰ, প্ৰাচুৰ্য আৰু সুখী জীৱনৰ বাবে মানি চলিব লগীয়া কেইটা মান উপায় হ'ল-
(১) নিজক সদায় আনতকৈ সুখী, সৌভাগ্যৱান, চহকী আৰু সফল ব্যক্তি বুলি ভাবক ৷ চাব যাতে তেনে কৰোতে আপোনাৰ অহমিকা প্ৰকাশ নহয় ।

(২) নিজৰ ভাল গুণবোৰক অধিক গুৰুত্ব দিয়ক ৷ ভাল অভ্যাস, সৎ স্বভাববোৰ বিকাশ কৰক ৷
(৩) জীৱনটোক প্ৰত্যাহ্বান হিচাপে লওঁক । সদায় মনত ৰাখিব- No Life without Fight.
(৪) আনৰ সুখ - দুখৰ সমভাগী হওঁক ৷ আনৰ উন্নতি / সফলতা দেখি আন্তৰিক অভিনন্দন জনাওঁক ৷ কেতিয়াও ঈৰ্ষা নকৰিব ৷
(৫) 'অসম্ভৱ' শব্দটো মনলৈ নানিব ৷ নিচেই সাধাৰণ অৱস্থাৰ পৰা বিখ্যাত হোৱা মহান লোকৰ জীৱনী অধ্যয়ন কৰক ৷ মনত ৰাখিব কেৱল আপুনিয়েই জীৱনত অভাৱ / শূণ্যতা অনুভৱ কৰা নাই ৷
(৬) পৰচৰ্চা, হিংসা, ক্ৰোধ, বিদ্বেষ, কপটতা আদি বোৰক প্ৰশ্ৰয় নিদিব ৷ যিমান পাৰে মৃদুভাষী হওঁক । পিছে চাব যাতে আপোনাৰ সৰলতাক আনে দুৰ্বলতা বুলি নেভাবে ৷
(৭) অধিক পৰিশ্ৰমী আৰু আত্মবিশ্বাসী হওঁক । জীৱনত নোহোৱা - নোপোৱা কথাবোৰ ভাবি সময় নষ্ট নকৰিব ৷ ভাগ্যক বেছি বিশ্বাস নকৰিব ৷
(৮) আঁকোৰগোঁজ মনোবৃত্তি পৰিহাৰ কৰি আনৰ সুবিধা - অসুবিধাৰ প্ৰতিও লক্ষ্য ৰাখিব ৷
(৯) আত্মদহনৰ কুঅভ্যাস পৰিত্যগ কৰক । লক্ষ্যত উপনীত হ'বলৈ অহোপুৰুষাৰ্থ কৰক ৷
(১০) মনত প্ৰতিযোগিতা ভাৱ ৰাখিব । পিছে হকে - বিহকে ফেৰ নামাৰিব ৷
(১১) বাহ্যিক ৰূপ - সৌন্দৰ্যতকৈ মনৰ ৰূপ -লাৱণ্যক প্ৰাধান্য দিয়ক । অযথা আনক সন্দেহ নকৰিব ৷
(১২) আনৰ নেতিবাচক সমালোচনাক গুৰুত্ব নিদিব । সততাক সদায় আগ স্থান দি লক্ষ্য পথত খোজ দিয়ক ৷

ঠিকনাঃ গোলাঘাট ৷