লাংখন্, কাৰ্বি পাহাৰ আৰু এটা দিন (অনুৰাগ কৌশিক)

পূৰ্বেও কৈছো, পাহাৰ ভাল পাওঁ মই; যিদৰে নদী আৰু আকাশ ৷ পাহাৰ ভাল পাওঁ বাবেই সময় পালেই ওলাই যাওঁ হৈঙায়েং - দৈয়ায়েং ৷ সেই কথা মোৰ বান্ধৱী মুংচাজ' বৰ্ণালী আম্ফি মান্তা য়ে জানে ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোক শৈশৱৰ পৰাই মোহিত কৰি আহিছে ৷ উত্তৰ - পূৰ্বাঞ্চলৰ যি মাটি, পানী আৰু বায়ু তাৰ কাৰো লগতে তুলনা নহয় ৷ উশাহ লোৱাৰ যেন এক সুকীয়া আমেজ আছে ৷ জীৱনক ভালদৰেই উপভোগ কৰিব পাৰি এই মাটিত ৷ লগতে উত্তৰ - পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি মোৰ আছে অনামি এক আকৰ্ষণ, প্ৰেম বুলিও ক'ব পাৰে ৷ হয়তো সেইবাবেই কিছুদিন পূৰ্বে বৰ্ণালীয়ে মোক পশ্চিম কাৰ্বি - আংলংৰ "উলুকুঞ্চি" গাঁৱত হ'ব লগা "লাংখন্" উত্সৱৰ কথা ক'লে ৷

২০১৬ চনৰ ২৫ অক্টেবৰ, মঙলবাৰে পুৱা শুই উঠি দৈনন্দিন কাম - কাজ কৰি পশ্চিম কাৰ্বি - আংলংৰ উলুকুঞ্চিলৈ যোৱাৰ কথা ভাবিলো ৷ বৰ্ণালীয়ে কোৱা মতে সিদিনা তাত লাংখন্ উত্সৱ অনুষ্ঠিত কৰাৰ কথা ৷ দুই এজনৰ পৰা পূৰ্বে ঠাইখনৰ সম্পৰ্কে থূলমূল আভাস এটা লৈছিলো ৷ জানিব পৰা মতে, উলুকুঞ্চি পশ্চিম কাৰ্বি - আংলংৰ এটা দূৰ্গম অঞ্চল ৷ বাট পথ বৰ বেয়া ৷ সেয়ে প্ৰথম অৱস্থাত কিছু দধোৰ - মধোৰ হৈ আছিলো যদিও পাহাৰৰ প্ৰতি থকা দুৰ্বলতাৰ ওচৰত সকলো হাৰ মানিছিল ৷ গাড়ীৰ লৈ যোৱা অসুবিধা বাবে সতীৰ্থ বিপ্লৱ দত্তৰ সৈ'তে পুৱা ১১.৩০ মান বজাত বাইকেৰে যাত্ৰা আৰম্ভ কৰিলো মৰিগাঁও চহৰৰ পৰা ৷ উলুকুঞ্চিলৈ যাবৰ বাবে মৰিগাওঁৰ নেলী বজাৰ পাৰ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে গোপাল কৃষ্ণ চাহ বাগিচাৰ (পশ্চিম ভাগ) ৰ মাজেদি যাব লাগে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৫১ কি.মি. দূৰ পথটো বহু বছৰ আগতে পকী কৰা কিন্তু মেৰামতিৰ অভাৱত যেন ভাগি - ছিগি জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হৈছে ৷ দুই কাষে চাহ বাগিচাৰ জনবসতি পূৰ্ণ অঞ্চলটো পাৰ হোৱাৰ পাছতেই পাহাৰ আৰম্ভ হয় ৷ কিছু দূৰ গৈয়ে দেখিলো জহি - খহি যোৱা এখন দলং ৷ এই দলং খনেই যেন পশ্চিম কাৰ্বি - আংলং আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ লগত যোগাযোগৰ শেষ সম্বল ৷ পাহাৰৰ একা বেকা বাট ৷ পূৰ্বে খবৰ লোৱাৰ দৰেই প্ৰায় সকলো ৷ ঠাইয়ে ঠাইয়ে পথ ভাগি মাটিৰ তলৰ শিল ওলাই আছে তেনেকৈয়ে দিনত যাত্ৰীবাহী টাটা চুমু চলে, লগতে দুই এখন পাহাৰৰ পৰা জাগিৰোডৰ কাগজ কললৈ বাঁহ কঢ়িওৱা ট্ৰাক ৷ প্ৰায় ১৮ কি.মি. দূৰ অতিক্ৰম কৰাৰ পাছত দেখিছিলো কাৰ্বি পাহাৰৰ সৰু সৰু গাওঁ ৷ তেওঁলোকৰ দৈনিক জীৱন যাপন প্ৰক্ৰিয়া মূলতঃ পাহাৰৰ ওপৰত নিৰ্ভৰ্শীল ৷ জনবসতি একেবাৰেই সেৰেঙা ৷ সম্ভৱতঃ চৰকাৰী পানী যোগান আঁচনিৰ অৱস্থাও তথৈৱচ ৷ প্ৰাকৃতিক ভাবে খোৱা পানীৰ ব্যৱস্থা দেখি অভিভূত হৈ পৰিছিলো মই ৷ কি অনন্য উদ্ভাৱন ৷ আগবাঢ়ি গৈ আছিলো গভীৰৰ পৰা গভীৰলৈ ৷ পাহাৰৰ ঝুম খেতি, আদা / হালধী জাতীয় খেতি, সৰু সৰু জুপুৰি আৰু অলেখ সেউজীয়া ৷ কিছু সংখ্যক মানুহে ঘৰত পোহাৰ বাবে তথা বিক্ৰীৰ বাবে বনৰীয়া চৰাই যেনে- মইনা, ভাটৌ জাতীয় চৰাই চিকাৰ কৰে ৷ গাহৰি, হাঁহ, কুকুৰা আদি পোহে ৷

প্ৰায় ২ ঘণ্টা ৩০ মিনিট যাত্ৰা কৰাৰ পাছত অৱশেষত উপস্থিত হৈছিলো মোৰ আকাংক্ষিত উলুকুঞ্চিত ৷ অঞ্চলটোৰ পৰিৱেশ মেঘালয়ৰ East Khasi Hills ৰ লগত কিছু মিল আছে ৷ জনবসতি পূৰ্ণ অঞ্চলটো কাৰ্বি, তিৱা আৰু খাচি মানুহৰ সমষ্টি ৷ বিবাহৰ যোগেদি কিছু আদান প্ৰদানো হৈছে ৷ তেওঁলোকে অসমীয়া বৰ ভালকৈ ক'ব নাজানে বাবে কিছু অসুবিধাত পৰিছিলো ৷ পথাৰ আৰু পাহাৰৰ ওপৰত নিৰ্ভৰশীল মানুহবোৰ বৰ মৰমীয়াল যেন লাগিল ৷ সকলোৰে মুখত সৰল একোটা হাঁহি ৷ জনজাতীয় পোচাকৰ মাজত মোক আচহুৱা যেন লাগিছিল ৷

লাংখন্ উত্সৱ মূলতঃ কৃষি ভিত্তিক ৷ এই উৎসৱ পথাৰৰ পৰা শস্য চপোৱাৰ পূৰ্বে উদযাপন কৰে ৷ লাংখন্ পূজা তিৱা জনগোষ্ঠীৰ অন্যতম জনপ্ৰিয় উৎসৱ ৷ এই উৎসৱ বছৰটোৰ আহিন - কাতি মাহত অনুষ্ঠিত কৰা হয় ৷ কোনো কোনো ফৈদে ফাগুন মাহতো অনুষ্ঠিত কৰে ৷ পাহাৰৰ তিৱা সকলৰ আৰাধ্য দেৱতা "ফা মাহাদেউ" অৰ্থাত্ শিৱ ৷ ফা মানে পিতৃ আৰু মাহাদেউ মানে শিৱ ৷ জনবিশ্বাস মতে শিৱ আৰু পাৰ্বতীক পিতৃ - মাতৃ ৰূপে গণ্য কৰা হয় ৷ সেইমৰ্মে শিৱৰ পত্নী পাৰ্বতীক পথাৰৰ লখিমী বুলি ভবা হয় আৰু সেয়ে এই লাংখন্ উতসৱত পাৰ্বতীক পূজা কৰা হয় 

এই পূজা বা উৎসৱ সাধাৰণতে তিৱা জনগোষ্ঠীৰ ৰংখৈ, আম্‌চাই, মাৰ্জং, আমচং (ফৈদ) সকলে পাতে ৷ ডেকা গাভৰু সকলে মিলি বাঁহৰ (ফুল কটা) লাখুটি লৈ নৃত্য প্ৰদৰ্শন কৰে আৰু আৰাধ্য দেৱতাক আৰাধনা কৰে ৷ এই পূজা কৰিলে মাৰি মৰক / আহুকালৰ পৰা ৰক্ষা পাব পাৰি বুলি জনবিশ্বাস আছে ৷ "লাংখন্ ফুজা মিছাৱা" তিৱা সকলৰ অন্যতম জনপ্ৰিয় নৃত্য ৷ পাহাৰ ভৈয়ামৰ মিলন আৰু সম্প্ৰিতিৰ ভূমি হৈ পৰে লাংখন্ উদযাপন স্থলি ৷

হাতত সময় কমি আহিছিল ৷ সময়ৰ অভাৱৰ বাবেই মোৰ পখিলাৰ ফটো লোৱা নহ'ল ৷ কেৱল দুচকুৰে উপভোগ কৰিছিলো সকলো ৷ অ'.. এটা কথা প্ৰমাণিত হৈছিল যে পাহাৰে সঁচাকৈয়ে মায়া জানে ৷ অদ্ভুত এক আকৰ্ষণ ৷ যেন তাতেই ৰৈ যাম আজীৱন ৷ সন্ধ্যা নামি আহিছিল ৷ মোৰো উভতাৰ সময় সমাগত ৷ কিন্তু যেন কিবা এটাই মোক আহিব দিয়া নাই ৷ সেই একেই অনুভৱ কৰিছিল মোৰ সতীৰ্থ বিপ্লৱ দত্তয়ো ৷ তথাপি সেমেকা মন এটা লৈ আমি উভতিছিলো গৃহ চহৰলৈ ৷


(বিঃ দ্ৰঃ ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ অধিনত বন্যপ্ৰাণীৰ চিকাৰ তথা বিক্ৰী আইন মতে দণ্ডণীয় ৷
(পখিলা / প্ৰকৃতি প্ৰেমী সকলৰ বাবে বৰ সুন্দৰ ঠাই বুলি মই বিবেচনা কৰোঁ ৷)

অৰ্থ-
লাং = লাখুটি
খন্ = নৃত্য ৷

ঠিকনাঃ মৰিগাঁও (অসম)
দূৰভাষঃ ৮৪০২৯৫২০৮৩ ৷