আধুনিক (ৰশ্মিৰেখা শইকীয়া)

আমাৰ সমাজত এটা কথা প্ৰায়ে লক্ষ্যনীয় , আমাৰ আধুনিক সমাজে সাধাৰণ জীৱন শৈলী ব্যৱহাৰ কৰা আৰু সাধাৰণ সাজ পোচাক পৰিহিত মানুহক 'গাঁৱলীয়া ভূত' বুলি ইতিকিং কৰে । গাঁৱলীয়া মনোবৃত্তিৰ লোকক অকৰা বুর্বক বুলি পৰিহাস কৰে কিন্তু, চাবলৈ গ'লে আমাৰ গাঁৱলীয়া মনোবৃত্তিৰ মানুহখিনিয়েহে আমাৰ পৰম্পৰাবোৰ যেনে- বিহু সংস্কৃতি, কৃষি আদি পৰম্পৰাবোৰ ৰক্ষা কৰি অসমীয়া সংস্কৃতিক জীৱন্ত কৰি ৰাখিছে । 'আধুনিক' বুলি কওঁতে আজিৰ নৱপ্ৰজন্মই বিকৃত সাজপাৰ পৰিধান কৰা, পশ্চিমীয়া অপ - সংস্কৃতি আদিক প্ৰশ্ৰয় দিয়ে । কিন্তু, মই ভাবো বিকৃত সাজ পোচাকে আমাক কেনেকৈ আধুনিক কৰিলে ? এইয়াটো সভ্যতাৰ নিদর্শন হ'বই নোৱাৰে কাৰণ এই সভ্যতাই আমাক আদিম মানৱলৈহে সোঁৱৰাই দিয়ে, যি মানৱে সাজপাৰ তৈয়াৰ কৰিব নাজানিছিল যাৰ কাৰণে তেওঁলোকে দেহত কম পোচাক পৰিধান কৰিছিল যিটো আজিৰ আধুনিক যুৱ প্ৰজন্ম বিশেষকৈ প্ৰায়ভাগ যুৱতিৰ ক্ষেত্ৰত লক্ষ্যনীয় হয় কিন্তু, আধুনিক বুলিলে আমাৰ মনবোৰ আধুনিক হ'ব লাগে । এটা ধর্মই আনটো ধর্মক হিংসা নকৰা, উচ্চ জাতিয়ে নিম্ন জাতিক হেয় জ্ঞান নকৰা, অন্ধ বিশ্বাস, কু - সংস্কাৰবিহীন এটা পৱিত্ৰ বহল মনেৰেহে নিজকে আধুনিক বুলি পৰিচয় দিয়া উচিত ৷