- কি কথা ক'বলৈ আহিছা ? নালাগে বুলি কোৱা নাইনেকি মই ? কোনো কাৰণত যাব নোৱাৰা ৷
- প্লিজ অভি প্লিজ ৷
- কোনো প্লিজ নাই । তুমি মোৰ বাগদত্তা; মোৰ কথা শুনিবই লাগিব তুমি । কিন্তু তেওঁ যে মোৰ মা অভি প্লিজ ।
- ন' নেভাৰ ৷
ফোনটো কাটি দিছল সি ৷ এক প্ৰচণ্ড ধুমুহাৰ অন্তত তাই মাকক কৈছিলহি-
-আজি নহ'লে বজাৰলৈ নাযাওঁ দিয়া মা । গাটো অলপো ভাল লগা নাই । একেষাৰতে মান্তি হৈছিল মাক; কিয়নো তেওঁ যে মমতাময়ী । হুক হুকাই কান্দিছিল পাপৰিয়ে । গাৰুটো সাবটি তাই মাথোঁ ভাবিছিল- এইয়া কেনে প্ৰেম ? নে এইয়া বান্ধোন ? শিকলি ? একো শব্দই বিচাৰি নাপালে তাই এই সম্পৰ্কৰ নামকৰণ কৰিবলৈ ৷
ঠিকনাঃ শিৱসাগৰ ৷








