বৰষুণ (মৌচুম দত্ত)

ৰুক্ষ ওঁঠত হেঁপাহৰ চুম্বন
দুহাতৰ আকুল আলিংগন,
সেউজীয়া সপোনৰ এছাটি বা
ফাগুণৰ বতৰৰ চঞ্চল মনত
এপলক জোকাৰনি
হেঁপাহৰ কুসুম ।