ফাগুন (শিৰোমণি বৰুৱা)

মোৰ বুকুৰ ফাগুন
শূণ্যতাৰ !
শূণ্যতাৰ হ'লেও
ফাগুনৰ পছোৱাই মোৰ
মন উন্মনা কৰি তুলিছে ।
তুমি মোৰ বাবে বৰদৈচিলা
এছাটি মলয়া বতাহ,
তুমি মোৰ বাবে
সোণাৰু কোমল হালধীয়া
হাঁহি.....,
তুমি মোৰ বাবে
লঠঙা নোহোৱা,
তুমি মোৰ বাবে
উন্মনা ফাগুন,
আকাশে-বতাহে
মদাৰ পলাশ
শিমলু সুবাস
কি যে মোহনীয়া
এক অনুভূতি ।
ফাগুন,
তোমাৰ বুকুত দেখা
পাও মই
সৃষ্টি প্ৰেৰণাৰ
অফুৰন্ত অনিমেষ ।


ঠিকনাঃ ঢকুৱাখনা
দূৰভাষঃ ৮১৩৩০৫৯২৭৯