পলাশ ৰঙীন বৰষুণজাক
ওৰেটো সন্ধিয়া
মোৰ ইবাগ - সিবাগ...
মই অপ্ৰস্তুত !
তোমাক আদৰিবলৈ,
মোৰ সমস্ত ভালপোৱা
এতিয়া সিচঁৰতি
ইপাৰ - সিপাৰ ....
তোমাৰ ৰঙত ৰঙীন হোৱাৰ
অভ্যাস মোৰ এতিয়াও আছে ...
এতিয়া মাথোঁ অভাৱ
সেই আকুলতাৰ !
শিমলুৰ ডালৰ পৰা
তুমি টোপাটোপে সৰি ৰোৱা ...
আৰু মই !
বুকু পাতি সাবটিম
তোমাৰ শীতলতা....
আমাৰ কাহিনী
ডাৱৰৰ পৰা বৰষুণ সৰা .....
বৰষুণৰ পৰা ডাৱৰ হোৱা ৷
ওৰেটো সন্ধিয়া
মোৰ ইবাগ - সিবাগ...
মই অপ্ৰস্তুত !
তোমাক আদৰিবলৈ,
মোৰ সমস্ত ভালপোৱা
এতিয়া সিচঁৰতি
ইপাৰ - সিপাৰ ....
তোমাৰ ৰঙত ৰঙীন হোৱাৰ
অভ্যাস মোৰ এতিয়াও আছে ...
এতিয়া মাথোঁ অভাৱ
সেই আকুলতাৰ !
শিমলুৰ ডালৰ পৰা
তুমি টোপাটোপে সৰি ৰোৱা ...
আৰু মই !
বুকু পাতি সাবটিম
তোমাৰ শীতলতা....
আমাৰ কাহিনী
ডাৱৰৰ পৰা বৰষুণ সৰা .....
বৰষুণৰ পৰা ডাৱৰ হোৱা ৷








