ফটা কাপোৰ (হিমাংগ দাস)

সৰুতে দেখিছিলো
ফটা কাপোৰবোৰ বেজী আৰু সূতাক
সপি দিয়া হৈছিল
লাজবোৰ সৰকি নপৰক বুলি

দিন গৈ আছে মানে দেখি আহিছো
ফটা কাপোৰতহে আমাৰ অস্তিত্ব !
আনৰ নজৰ কাঢ়িবলৈ
আমি ফালি আছো ক্ৰমশ:
লাজ ভঁড়ালৰ চিলাই …
কাপোৰৰ ফুটাৰ উৰ্ধক্ৰম প্ৰীতিৰ বাবে
আমিহে হৈ পৰিম নেকি
এলাগী ফটা কাপোৰ !

এই ভয়ত মই কঁঁপিছো !