দুখৰ বিপক্ষে (চিন্তু সমীৰ বৰগোহাঁই)

বুকুত ক'লা পতাকা উৰুৱাই 
দুখে ভৰপুৰ হৈ পৰিলে চৌদিশ 
আপুনি ঘৰমুৱা নহ'ব অকলশৰে 
আপুনি ব্যস্ত হৈ নপৰিব দুখৰ গভীৰতাত
সুখ যেনেকৈ ক্ষন্তেকীয়া
দুখৰো নাই অমৰত্ব
আপুনি তৰ্জনী আঙুলি টোৱাই
দুখৰ বিপক্ষে বুকুত গঢ়ি তোলক
ব্যাপক প্ৰতিবাদ ৷
যেনেকৈ
ভূমিকম্প অথবা ছুনামীৰ ধ্বংস লীলাৰ পাছতো
বাৰে বাৰে মূৰ দাঙি উঠে
কাহানিও স্তব্ধ হ'ব নোখোজা জাপান
আপুনিও সৃষ্টি কৰক
আপোনাৰ বুকুৰ মাজত
এখনি নিপুন দেশ ৷
সুখ দুখতো আহে যায়
বাৰিষাৰ পাছত খৰালি
খৰালিৰ দৰে বাৰিষাৰ পাছতো
ভিন্নমুখী জীৱন
আপুনি দৃঢ় প্ৰতিজ্ঞ হওঁক
আপোনাৰ জীৱন যুদ্ধত
শত্ৰু সেনাৰ দৰে দুখক ব্যৰ্থ কৰিবলৈ ৷
দুখৰ অৱসান ঘটিলে
দুৱাৰ খোল খাই সুখৰ পঁজাৰ
দুখৰ অৱসান ঘটিলে
বুকুত বা বলে সোণালী আশাৰ ৷