তুমি নোবুজিবা মিছ্ নীলাঞ্জনা (বিকাশ গগৈ)


তুমি নুবোজিবা...
মিছ্ নীলাঞ্জনা...
মোৰ বুকুত কিয় বিষাদৰ নৈ
আছে বৈ

তুমি চাগে নাজানা
মিছ্ নীলাঞ্জনা
উলংগ সপোনে কিয় কান্দে
দুপৰ নিশা

শূণ্যই সপোন দেখাৰ পৰত
তুমি হাঁহিছিলা !
বিদ্ৰোূপৰ নে পতাৰণাৰ !
কোনেও নাজানে নীলাঞ্জনা..

সপোনৰ সমাধিত
উজাগৰী ৰাতিত
শিতানৰ গাৰোৰ দুৰ্গতি
তুমি নাজানা নীলাঞ্জনা...

তুমিহীনতাত
অনুভৱৰ পানছৈ ঘাটৰ যন্ত্ৰণা
তুমি নোবুজিবা নীলাঞ্জনা......।

এতিয়া
ভয় লাগে জানা
সপোন দেখাৰ দৰে হাঁহিবলৈও
জানোচা সাৰ পাই উঠে বিষাদ বেদনা
মিছ্ নীলাঞ্জনা ৷