নাজানো মই,
মোৰ জন্মদিন কেতিয়া ৷
নাজানো মই,
মোৰ জন্মদাতা কোনো ।
কাক সুধিম, কোনে ক'ব
মোৰ জন্মদিন কেতিয়া
আপোন বুলিবলৈ মোৰ আজি কোনো নাই ৷
নিজৰ কৰি ল'বলৈ আজি মোৰ কোনো নাই ৷
নাজানো মই কেকৰ সুৱাদ কেনেকুৱা ।
নাজানো মই জনাবলৈ কাকো জন্মদিনৰ শুভেচ্ছা ।
ঠিকনাঃ জামুগুৰি, ওডালগুৰি ৷