উদীয়মান কণ্ঠশিল্পী বৰষা ৰাজকুমাৰীৰ সৈতে সাক্ষাৎকাৰ

নমস্কাৰ ৷ আমি এই মাহত ফাগুন বিশেষ সংখ্যাটিত আপোনালোকৰ আগত পৰিচয় কৰা দিছো, অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী শ্ৰীমতী বৰষা ৰাজকুমাৰী ৷ তেওঁৰ সৈতে হোৱা আমাৰ বিভাগীয় সম্পাদকীয় কথোপকথন-

প্ৰশ্নঃ তোমাৰ সম্পূৰ্ণ নাম ?
উত্তৰঃ শ্ৰীমতী বৰষা ৰাজকুমাৰী ৷  


প্ৰশ্নঃ তোমাৰ সম্পূৰ্ণ ঠিকনা ?
উত্তৰঃ শিৱসাগৰ জিলা ধেনুচুচা গাঁৱৰ ৷


প্ৰশ্নঃ তুমি কেতিয়াৰে পৰা সংগীতৰ ক্ষেত্ৰত জড়িত আৰু তোমাৰ প্ৰেৰণাৰ উৎস কি ??
উত্তৰঃ মই সৰুৰে পৰা সংগীতৰ লগত জড়িত আৰু মোৰ প্ৰেৰণাৰ উৎস হৈছে- মোৰ মা - দেউতা ৷


প্ৰশ্নঃ তুমি এতিয়ালৈকে কোন কোন শ্ৰব্য কেছেটত আৰু ভিডিঅ' চিডিত কণ্ঠদান কৰিছা ? 
উত্তৰঃ মই এতিয়ালৈকে 'মৌ বৰষা' আৰু অতি সোনকালে মুক্তি পাবলগীয়া 'লাজুকী'ত কণ্ঠদান কৰিছো । মই বৰ্তমানলৈকে কোনো ভিডিঅ'ত কণ্ঠদান কৰা নাই যদিও কৰিবলৈ চিন্তা কৰি আছো ৷


প্ৰশ্নঃ তোমাৰ ভৱিষ্যত পৰিকল্পনা কি ?
উত্তৰঃ ভৱিষ্যত পৰিকল্পনা বুলি ক'লে সংগীত জগতৰ এগৰাকী সু - গায়িকা হোৱা ৷


প্ৰশ্নঃ সততে অভিযোগ শুনা যায় যে অসমীয়া গীতে স্বকীয়তা হেৰুৱাইছে ৷ এই সম্পৰ্কে তোমাৰ মতামত কি ?
উত্তৰঃ কথাটো নোহোৱা নহয় তথাপিতো বৰ্তমান সময়ত প্ৰতিটো গীতেই জনসাধাৰণে আঁকোৱালি লোৱা দেখা গৈছে ৷ কিন্তু মই ভাবো এই ক্ষেত্ৰত সংগীত জগতৰ লগত জড়িত সকলোৱে গীতি কথা আৰু কথা ভিত্তিৰ ওপৰত অধিক গুৰুত্ব দি গীতবোৰ শুভমুক্তি দিব লাগে ৷


প্ৰশ্নঃ অসমৰ সংগীত জগতখনত পেছাদাৰী কণ্ঠশিল্পীৰ বাবে কিমান সুবিধাজনক ?
উত্তৰঃ বৰ্তমান সময় কিছুমানে সুবিধা হিচাপে লৈছে যদিও গীতবিলাক শ্ৰুতাই অতি সুলভ মূল্যতে উপভোগ কৰে ফলত গায়ক বা গীতিকাৰ জনে উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হয় ৷ ইয়াৰ বাবে সম্পূৰ্ণ দায়ি ওৱেব চাইট সমূহ ৷


প্ৰশ্নঃ বৰ্তমান অসমৰত সংগীতক জীৱিকা হিচাপে গ্ৰহণ কৰিব পাৰিনে?
উত্তৰঃ নাই নোৱাৰি ৷


প্ৰশ্নঃ তোমাৰ প্ৰিয় কণ্ঠশিল্পী ?  
উত্তৰঃ প্ৰিয়ংকা ভৰালী ৷


প্ৰশ্নঃ তোমাৰ প্ৰিয় গীত কোনটো ?
উত্তৰঃ প্ৰিয়ংকা ভৰালীৰ শিলে শিলে ঠেকা খালে গীতটো মোৰ প্ৰিয় ৷


প্ৰশ্নঃ বৰ্তমান তুমি পঢ়ি আছা নে আৰু কিহত পঢ়িছা ?
উত্তৰঃ হয় মই বৰ্তমান পঢ়ি আছো ৷ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ ছাত্ৰী ৷