১
বিনামূলীয়া কিতাপ নাই নামাতিবি মাত
খাই ল পেটভৰাই চৰকাৰী ভাত ।
মন্ত্ৰীৰ লম্বা কথা
মাতিলেই লাগে লেঠা
চৰকাৰৰ মিষ্টি কথা দেহা পৰে শাঁত ।
বিনামূলীয়া কিতাপ নাই নামাতিবি মাত
খাই ল পেটভৰাই চৰকাৰী ভাত ।
মন্ত্ৰীৰ লম্বা কথা
মাতিলেই লাগে লেঠা
চৰকাৰৰ মিষ্টি কথা দেহা পৰে শাঁত ।
২
কৈ মৰিল জটায়ু ,গৈ মৰিল পৰমা ,গাই মৰিল ৰাহুল
শিল্পী হোৱাৰ বাসনাই অন্তৰ কৰিছিল আকুল ৷
নিশাৰ সপোন দিনত ভ্ৰষ্ট
অৱাইচ মাতত কেৰিয়াৰ নষ্ট,
টিভিত বহি কথা ক'লে আবোল তাবোল ।
শিল্পী হোৱাৰ বাসনাই অন্তৰ কৰিছিল আকুল ৷
নিশাৰ সপোন দিনত ভ্ৰষ্ট
অৱাইচ মাতত কেৰিয়াৰ নষ্ট,
টিভিত বহি কথা ক'লে আবোল তাবোল ।







