হালধীয়া (তৃষ্ণা দাস)
হালধীয়া! প্ৰিয় ৰং মোৰতেওঁ হালধীয়াসৰিয়হ ফুলৰ দৰে
সোণাৰু জোপা হালধীয়া বাবেই
হাঁহি এটা ওলমি ৰয়
নৈ খনৰ সিটো পাৰে
দুচকুত সপোনবোৰ হালধীয়া হৈ ওপঙিছে
বেছি দিন নালাগিব সৰিবলৈ
তেওঁৰ দেহত হালধীয়া দেখিলে
লাজবোৰ সৰিবলৈ লয় ক্ৰমশঃ
হে উতনুৱা ফাগুন
তই নিপিন্ধিবি হালধীয়া
থ'মকি ৰ'ব বাটৰুৱা ৷