মৰমৰ সোনকণ,
মৰম ল'বা ৷ হয়তো মৰমৰ বুলি মতাটো মোৰ বাবে শুদ্ধ নহয় কিন্তু নমতাকৈ থাকিব যে মই নোৱাৰো কাৰণ মৰম নামটো যে মোৰ হৃদয়ত চেভ হৈ গৈছেহি ৷ তুমিটো কেতিয়াবাই মোৰ মৰমক লাঠ মাৰি নিজৰ সুখৰ বাবে ধনী ঘৰৰ ল'ৰাৰ সৈ'তে বিয়াত বহিলা ৷ কিন্তু তুমি জানো সঁচাকৈয়েই ধনী ঘৰ পাই সুখী হ'ব পাৰিছা ? মই নাভাবো টকা থাকিলেই যে সুখী হ'ব পাৰে । এটা কথা আছে নহয় যে ৰজাও সুখী নহয়, সৈন্যই সুখী হয় ৷ তোমালৈ বুলিয়েই চিঠিখনি লিখিবলৈ আগবাঢ়িলো ৷ তুমি পঢ়িবলৈ সময় পাবানে নোপোৱা নাজানো ৷ তথাপিও লিখিলো ৷ বিহু গ'ল জানা ৷ মনত আছেনে তোমাৰ তোমাৰ ঘৰলৈ বহু বাৰেই যে বিহু খাবলৈ গৈছিলো তোমাৰ বন্ধু হিচাপে আৰু তোমাৰ হাতে বনোৱা পিঠাৰ সোৱাদ যে লৈছিলো ৷ কিন্তু এইবাৰ ক'লৈকো বিহু খাব নগ'লো জানা ৷ কাৰণ, বিহু মোৰ বাবে হৈ পৰিছেহি বিষাদৰ এটি নাম ৷ সৰস্বতী পূজাৰ কথা মনত পৰিলেতো দুচকুৰে বৈ আহে চকুলো ৷ কাৰণ, সেই দিনাই তোমাৰ সৈ'তে একেলগে আই সৰস্বতীৰ চৰণত আশীষ লৈছিলো, একেলগে পূজাৰ আহাৰ গ্ৰহণ কৰিছিলো আৰু একেলগেই যে আমি দুটা তিনিটা ফটো উঠি কথা পাতিছিলো ৷ ভেলেণ্টাইন ডে'ৰ দিনটোও এতিয়া মোৰ বাবে হৈ পৰিছেহি বিষাদৰ এটি দিন ৷ কাৰণ মন যায় মোৰো সেই বিশেষ দিনটো পালন কৰিবলৈ ৷ আচলতে তোমাক হেৰুৱাৰ পৰাই যেন মই হৈ পৰিছো এটা ঠিকনাবিহীন পথিক ৷ যেতিয়াই তোমাৰ শিৰত সেন্দূৰ কণ দেখো তেতিয়া মোৰ মন জ্বলি পৰি মৰে জানা কাৰণ সেই সেন্দূৰ কণ পিন্ধাই মইও মোৰ আইৰ বোৱাৰী কৰি অনাৰ সপোন দেখিছিলো এদিন কিন্তু এজনৰ বেকাৰৰ সপোনৰ মূল্য যে নাই মই প্ৰমাণ পাইছো ৷ এতিয়া লাহে লাহে তোমাক পাহৰিবও চেষ্টা কৰিছো জানা কিন্তু এই পাগল মনে নোৱাৰে তোমাক পাহৰিব ৷ তোমাৰ নামতেই বেছি ভাগ নিশাই উজাগৰে পাৰ কৰো জানা
শেষত তুমি সুখী হোৱাটোৱেই কামনা কৰিছো মই ৷ কাৰণ সঁচা প্ৰেমিকৰ হৃদয় বিশাৰ আকাশৰ সমান, কেতিয়াও প্ৰেমিকাই দুখ পোৱাটো নিবিচাৰে জানা ৷ এইখিনি লিখিয়েই মই মোৰ চিঠিৰ যতি পেলালো ৷
ইতি
সঞ্জীৱ সাগৰ দাস ৷







