বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
ধূলিৰ বিষাদ গাথাঁ (মণ্টু কুমাৰ নাথ)
পুৱাতে
ফাগুন বুলিলেই নাচি ফুৰা
ধূলিবোৰ বিচাৰি হাহাকাৰ কৰিলো
ধূলি ক'ত ধূলি?
চিঞৰিলো
তথাপি নুশুনিলো ধূলিৰ মাত
নকইনা হৈ
বাঢ়নীডালেৰে চোতাল সাৰোতে
ধূলিয়ে এটা সাধু হৈ কেঁকালে -
মই ইয়াত !
ধূলিৰ অসুখ! বুকুখন গধুৰ
ধূলি সেমেকিল
ফাগুনৰ প্ৰথমজাক বৰষুণত ৷
ঠিকনাঃ মৰিগাঁও ৷