ফাগুনৰ এজাক ক্ষীণ বৰষুণ (বিজু চেতিয়া)

শুকান প্ৰকৃতিৰ বুকুত
ফাগুনৰ এজাক ক্ষীণ বৰষুণ
মদাৰ,শিমলুৰ লগত খেলা ৷

ওফন্দি থকা ধূলি-কণা
মিলিত হ'ল ধৰণী কোলাত
বিৰিখে কৰিলে তৃষ্ণা পান ৷

শীতল ধৰণীত
বিৰিখ সাজু কুঁহিপাত সাজেৰে
প্ৰকৃতিক নতুনকৈ সজাবলৈ ৷

ঠিকনাঃ মাকুম, তিনিচুকীয়া,
দূৰভাষঃ ৮০১১১৩৩৬৭৫ ৷