সন্ধ্যা কাব্য (পপী শইকীয়া)

পিৰালিৰ খৰিকাজাঁই জোপা
ফুলিবলৈ যেন ৰৈ আছে
মই গাভৰু হোৱালৈ ৷

সন্ধ্যা হোৱাৰ লগে লগেই
বাৰীৰ চুকৰ বাঢ়নীডৰালৈ
উভতি আহিল বগলীজাক
বাটৰ লগৰী কৰি লৈ আহিল
ছায়াময়াকৈ এছাটি এন্ধাৰ ৷

সন্ধ্যা নেওচি পাতৰ আঁৰে আঁৰে
লুকা-ভাকু খেলিছে জোনৰ তিৰবিৰ পোহৰ
হয়তো এয়াই খৰিকাজাঁই ফুলাৰ সময় ৷

বাঢ়নী ডৰা অপূৰ্ব হৈ পৰিছে
যেন ৰূপহীৰ শুভ্ৰ চাদৰ এখন
শূন্যত ভাহি আছে
সন্ধ্যাৰ কপাল ফুটি
জোনটো সঠিক জিলিকি উঠিছে ৷