কাঁইটীয়া বাটত বাটৰুৱাৰ গোলাপ (লক্ষী প্ৰসাদ ৰেগন)


কাঁইটীয়া বাটত যেতিয়া ফুলে
সুগন্ধি গোলাপ...
দুপৰৰ পচোৱাই সুগন্ধি উৰুৱাই নি
বিলাই অচিন বাটৰুৱাক ৷
ব্যস্ত বাটৰুৱাৰ
আহৰি নাই
সুগন্ধি গোলাপৰ
ঠিকনা বিচাৰিব,
বাটৰুৱাৰ সঁহাৰি নাপায়
লজ্জিত গোলাপে
পচোৱাকো দিলে বিদায়
নাই আৰু নাথাকো
মই ! এই পৃথিৱীত
নুফুলো কোনো দিন আৰু
কাঁইটীয়া বাটত দুনাই ৷


ঠিকনাঃ মাজুলী ৷
দূৰভাষঃ ৮৪৮৬৭৭৩২০২৷