শীতৰ এটি ৰাতিপুৱা (নমিতা ৰয়)

পাঁচ বজাৰ এটি
ঠেঁটুৱৈ ধৰা জাৰৰ ৰাতিপুৱা ৷
পুৱাৰাতি দেখা
এটি সুন্দৰ সপোনে
মোক জগাই তুলিলে ।

সেই সপোনত তুমি
আকৌ আহিছিলা
মোৰ কাষলৈ,
উমাল বুকুৰে দি গ'লা
অযুত মৰম আৰু
হৃদয়ৰ উষ্ম আলিংগন ।

মোৰ বুকুত গঁজা
এধানি সপোনটো
আজি দিঠক যেন লাগিল ৷

তুমি অহা দিনটো
আকৌ মানস পটত
সজীৱ হৈ ভাহি উঠিল ।

হেমন্তৰ কুঁৱলী ফালি
যেনেকৈ শীত নামে
ধৰাৰ বুকুলৈ ৷
তেনেকৈ তুমিও আহিছিলা
এটি শীতৰ ৰাতি
মোৰ কাষলৈ ৷

সেমেকা মোৰ পদূলিত
দি গ'লা এমুঠি জোনাক
এনেকৈয়ে আহিবা
আকৌ এদিন
শীতৰ এটি জাৰৰ নিশা,
দি যাবা স্মৃতি
সজীৱ কৰি থম
বুকুৰ মাজত ।