(মোৰ শ্ৰদ্ধাৰ আইৰ হাতত)
আই,
মই, তোৰ গৰ্ভত থাকোতে
কথাৰ ছন্দেৰে
তই যে গাইছিলি,
তোৰ কলিজাৰ কেঁচা গানবোৰ।
আজিও....,
প্ৰকৃতিৰ সেউজীয়াৰ দৰে
বাজি আছে মোৰ দুকাণত।
মই, তোৰ গৰ্ভত থাকোতে
কথাৰ ছন্দেৰে
তই যে গাইছিলি,
তোৰ কলিজাৰ কেঁচা গানবোৰ।
আজিও....,
প্ৰকৃতিৰ সেউজীয়াৰ দৰে
বাজি আছে মোৰ দুকাণত।
মোৰ বাবে
তোৰ জীৱনৰ সপোনবোৰেই হেৰুৱাইছিলি ।
মোৰ সেউজীয়াৰ বাবেই
তই আৰু পিতায়ে
একাকাৰ কৰিছিলি
দিন আৰু ৰাতি,
কেনেকৈ পাহৰোঁ, আই ?
তোৰ জীৱনৰ সপোনবোৰেই হেৰুৱাইছিলি ।
মোৰ সেউজীয়াৰ বাবেই
তই আৰু পিতায়ে
একাকাৰ কৰিছিলি
দিন আৰু ৰাতি,
কেনেকৈ পাহৰোঁ, আই ?
হালধীয়াৰ বাবে মই যে
হালধীয়া হ'ব নোৱাৰিলোঁ, আই।
হালধীয়াত হাবু - ডুবু খাওঁ
তোৰ বাবেই আছোঁ
এতিয়াও সেউজীয়া হৈ ।
হালধীয়া হ'ব নোৱাৰিলোঁ, আই।
হালধীয়াত হাবু - ডুবু খাওঁ
তোৰ বাবেই আছোঁ
এতিয়াও সেউজীয়া হৈ ।








