সাৱধান অচিনাকী ছোৱালীজনী (বিকাশ দাস)

সাৱধান অচিনাকী ছোৱালীজনী
তুমি মোৰ টাৰ্গেত হ'ব পাৰা
৮ ফেব্ৰুৱাৰীৰ দিনা,
যাঁচিম তোমাক মোৰ হৃদয়ৰ
কেঁচা তেজৰ ৰঙা গোলাপ ।
৯ ফেব্ৰুৱাৰীৰ দিনা
তোমাক প্ৰেমৰ প্ৰস্তাৱ দিম,
ব্যস্ত মহানগৰীৰ এটি চিনাকী ৰাজপথত ।
সেইদিনাই দেখোওৱাম মই
সাহসৰ অগ্নিপৰীক্ষা,


সাৱধান অচিনাকী ছোৱালীজনী ।
সাৱধান ! সাৱধান !

ঠিকনাঃ শিলগুৰী (হাজো)
জিলাঃ কামৰুপ, অসম
পিন নং - ৭৮১১০৩