বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
দুখ (খালিদা জামান )
চকুলোৰ বেদনাত যেতিয়া
নিয়ৰ সৰে
তেতিয়া বুকুখনে
চট্ফটাই
কাৰোবাৰ লিহিৰী
আঙুলিৰ পৰশত
বাজি উঠা বাঁহীটিয়ে
ওৰে নিশা উচুপে
সপোনবোৰ গলি গলি
হৃদয় খন
পপীয়া তৰা হৈ সৰে ৷
ঠিকনাঃ নগাওঁ, অসম ৷