এটি উৰণীয়া মৌ হৈ তোমাৰ কাষলৈ আহিম,
মোৰ মৰমৰ মিঠা মৌ তুমি পান কৰিবা
মোৰ ভাবাবেহাৰ যন্ত্ৰণাবোৰ তোমাক দিম,
তুমি দুহাতেৰে সামৰি ল'বা....।
মোৰ মৰমৰ মিঠা মৌ তুমি পান কৰিবা
মোৰ ভাবাবেহাৰ যন্ত্ৰণাবোৰ তোমাক দিম,
তুমি দুহাতেৰে সামৰি ল'বা....।
অন্ধকাৰ মোৰ জীৱনটোত
জ্বলিব হেঁপাহৰ এগছি চাকি
তোমাৰ কলিজাৰ তেজেৰে তাক
ৰাখিবা জ্বলাই ।
জ্বলিব হেঁপাহৰ এগছি চাকি
তোমাৰ কলিজাৰ তেজেৰে তাক
ৰাখিবা জ্বলাই ।
মৰমৰ চাদৰখনেৰে তোমাক,
মেৰিয়াই ৰাখিম প্ৰতিটো পল
পাৰ হ'ব মৌসনা নিশাবোৰ
তোমাৰ হৃদয়ৰ বন্ধ কোঠাত..
মেৰিয়াই ৰাখিম প্ৰতিটো পল
পাৰ হ'ব মৌসনা নিশাবোৰ
তোমাৰ হৃদয়ৰ বন্ধ কোঠাত..
আৰু..!
তোমাৰ সুঠাম ধৱল দুবাহুতেই
পাৰ হ'ব
মোৰ সুখ দুখৰ প্ৰতিটো
পল......অনুপল.......।।
পাৰ হ'ব
মোৰ সুখ দুখৰ প্ৰতিটো
পল......অনুপল.......।।
ঠিকনাঃ দেৰগাঁও ।








