মূল কবিঃ চিছয়া য়ু তাম ছাই
অনুবাদঃ ছা-হা-বা হাৰ্টি
অনুবাদঃ ছা-হা-বা হাৰ্টি
ককাদেউতাই যেতিয়া
মোৰ মৃত ভনীক
প্ৰকাণ্ড মাছ এটাৰ দৰে
আমাৰ বাটচ'ৰাৰ গছ এটাত ওলমাই ৰাখিছিল
মই তেতিয়া খেলি আছিলো ।
মোৰ মৃত ভনীক
প্ৰকাণ্ড মাছ এটাৰ দৰে
আমাৰ বাটচ'ৰাৰ গছ এটাত ওলমাই ৰাখিছিল
মই তেতিয়া খেলি আছিলো ।
আমাৰ তেতিয়া ভাল লাগিছিল আলুৰ খেতি
কুকুৰনেচীয়া বাঘৰ দৰে খাইছিলো সৰু সৰু তিঁয়হ
কিন্তু মোক প্ৰায়ে উপবাস কৰিব লগা হৈছিল
কুকুৰনেচীয়া বাঘৰ দৰে খাইছিলো সৰু সৰু তিঁয়হ
কিন্তু মোক প্ৰায়ে উপবাস কৰিব লগা হৈছিল
বুভুক্ষা দমন কৰিব নোৱাৰি
মই কান্দিয়ে দিছিলোঁ
যদি কওঁ
মোৰ পিতাই মোৰ ছোৱালীৰ নাম জনা নাছিল
মইয়ে প্ৰত্যক্ষদৰ্শী সময়ৰ
মই কান্দিয়ে দিছিলোঁ
যদি কওঁ
মোৰ পিতাই মোৰ ছোৱালীৰ নাম জনা নাছিল
মইয়ে প্ৰত্যক্ষদৰ্শী সময়ৰ
সদায়ে দেখোঁ
গলি যোৱা মৃতদেহ এটাৰ সত্তা
বতাহৰ ভিতৰত
য'ত মোৰ তেজ জ্বলি - পুৰি ভষ্ম হৈ যায় ।
গলি যোৱা মৃতদেহ এটাৰ সত্তা
বতাহৰ ভিতৰত
য'ত মোৰ তেজ জ্বলি - পুৰি ভষ্ম হৈ যায় ।








