তোমাৰ ওঁঠৰ আটলাণ্টিকত সাঁতুৰিবলে,
চৈধ্য ফেব্ৰুৱাৰীৰ এই বিশেষ দিনটোত
তোমাৰ ভেলেণ্টাইন হ'বলে,
কোনো কথা নাই
হাতত হাত
চকুত চকু থৈ
হুৰমুৰকৈ নামি আহা তুমি
অতদিনে পৰি থকা
মোৰ বুকুৰ বাগিচাখন
কেৱল তোমাৰ বাবেই
প্ৰেম আৰু ভালপোৱাৰ বীজ ৰোপণ কৰি
তোমাক আপোন কৰি লম
জনমে জনমে ।
ঠিক যেনেকৈ আপোন কৰি লৈছিল
পিতায়ে আইক এদিন
কিয় !
জীৱনৰ উপত্যকাত
আমি প্ৰতি দিন প্ৰতি ৰাতি উদযাপন কৰিম
শইচ সোণালী প্ৰেমৰ উৎসৱ
ভেলেণ্টাইন ডে ।








