বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
আশাৰ চাকনৈয়া (বিনী গগৈ)
দুপৰীয়া হাতত ধৰি
নামিছে আবেলি
ৰিব ৰিব মলয়াৰ সৈ'তে
তুমি আহিবা
সেন্দূৰীয়া হ'ব গধূলি
দিচাংৰ পাৰত
ৰৈ থাকিম মই
সেই চিনাকি ঘাটত
লাহে লাহে হেৰাব ধৰণী
আবেলি সেঁওতাৰ মাজত
আৰু
আমি ডুব যাম
লুইতৰ যুঁৱলিত
লাওপতিয়া মৰমত ।