সেন্দূৰ (দ্বিব্যজ্যোতি বৰা)

প্ৰত্যেক নাৰীৰে সেওঁতা থাকে সেন্দূৰৰ মাৰ্য্যদাবোৰক জগমগকৈ জিলিকাবলৈ অলপ ৰঙা শুভকামনা অলপ তেজ লগা বিশ্বাস ৷ নন্দিনীয়ে গা ধুই আহি কাপোৰ যোৰ সলাই মূৰ ফণিয়াবলৈ আইনাৰ আগত বহিল ৷ মূৰ ফণিয়াবলৈ ফণিখন হাতত লৈ তাই থমকি ৰ'ল, তাইৰ উকা কপালখন দেখি মনত দুখেৰে উপচি পৰিল ৷ বহুতদিনৰ তাইৰ উকা কপালখনত এবাৰ সেন্দূৰ ল'বলৈ মন গ'ল, যি সেন্দূৰে তাইৰ জীৱনটো ৰঙীন কৰিছিল ৷ কিন্তু, তা­ই সমাজৰ পৰম্পৰাৰ জঞ্জলিত বন্দী ৷ এজাক দোপালপিটা বৰষুণে তাইৰ সেওঁতাৰ সেন্দূৰ ধুই নিলে, বৰষুণজাকে তাইৰ সাজজোৰৰ ৰংবোৰো উটোৱাই লৈ গ'ল ৷ এজাক ধুমুহাই উৰুৱাই লৈ গ'ল তাইৰ জীৱনৰ ৰং ৷ ঘৰমুৱা হোৱা সেন্দূৰীয়া বেলিটোৰ দৰে তাইৰ কপালখন এতিয়া জিলিকি নাথাকে ৷ সেইদিনা বজাৰ কৰিবলৈ যোৱা নীলিম ঘৰলৈ আৰু ঘূৰি নাহিল, এখন এম্বুলেঞ্চত আহিল তাৰ মৃতদেহ ৷ এটা দুৰ্ঘটনাত নীলিমে থিতাতে প্ৰাণ হেৰুৱালে ৷ খবৰটো আগতীয়াকৈ তাইক কোনেও দিয়া নাছিল ৷ নীলিমৰ মৃতদেহ দেখি তাই সৰগ পৰা মানুহৰ দৰে ঠাইতে ৰৈ থাকিল ৷ সম্বন্ধীয় খুড়ীয়েকে তাইক নীলিমৰ মৃতদেহৰ কাষলৈ লৈ আনিছিল আৰু তাই নীলিমৰ মৃতদেহৰ ওপৰত পৰি হিয়াধাকুৰি কান্দিছিল আৰু পাৰ নমনা বানে তাইৰ চকুলো উপচাই দিছিল ৷ মহিলাবোৰে তাইৰ কপালৰ সেন্দূৰবোৰ মচি দিছিল, তাইৰ মহিলাবোৰৰ ওপৰত খুব খং উঠিছিল তাই ভালপোৱা এই সেন্দূৰখিনি কিয় এনেকৈ মোহাৰি দিছে এয়া তাইৰ নীলিমৰ সেন্দূৰ ৷

"মা..........মা.....­.. তুমি ক'ত আছা মা" ৷ ল'ৰাটোৰ মাতত নন্দিনীয়ে বাস্তৱলৈ ঘূৰি আহিল ৷ চকুপানী মচি সেন্দূৰৰ টেমাটো সযতনে থৈ তাই উলাই আহিল "অ' নীলাভ গৈছো" ।

ঠিকনাঃ যোৰহাট