ৰাৱন বধৰ আখৰা (কল্যাণী দত্ত)

"তেজৰে কমলাপতি পৰভাতে নিন্দ............"
ৰাতিপুৱা উঠিয়েই চোতালত বহি বৰগীত এফাঁকি গোৱাটো মহীকান্ত মৌজাদাৰৰ পুৰণি অভ্যাস । ন'হলে যেন দিনটো উকা হৈ ৰ'ব আৰু ডিঙিটো ও চাফা নহ'ব এনে অনুভৱ হয় মৌজাদাৰৰ । তিনি কুৰিৰ ডেওনা কাহানিবাই পাৰ হোৱা মহীকান্তৰ নাতি দুটাও সজাগ হয় ককাকে বাৰাণ্তড গলখেকাৰি মাৰি চোতালত ঢাৰিপাটীত বহি বৰগীতৰ সুৰ টানিলেই । এক অঘোষিত নিয়ম ঘৰখনত বহুদিনৰ পৰা চলি আহিছে শোৱাপাটী এৰিবৰ সময় হ'ল বুলি । মহীকান্তৰ পত্নী হেমপ্ৰভাইও ভাল পায় ৰাতিপুৱা সময় কণত গুৰুজনাৰ সৃষ্টি স্মৰণ কৰিবলৈ । বিয়াৰ পাছৰে পৰা আজি ডেৰ কুৰি কাল তেওঁ ও নিজৰ স্বামীক এই সময়খিনিত সংগ দি আহিছে । অত্যন্ত নোৱাৰাতহে এই নিয়মৰহেৰ ফেৰ হয় । পো - বোৱাৰীয়েও পিতাকৰ এই সংস্কাৰ আয়ত্ব কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা যেনেই অনুমান হয় মহীকান্তৰ । বুকুখন আনন্দত ভৰি পৰে অন্ততঃ তেওঁ সিফলীয়া হোৱাৰ পাছতো ঘৰখনত হৰিৰ নামশ্ৰৱণ কীৰ্তন হৈ থাকিব বুলি ভাবি । বৰ গৌৰৱেৰে মানুহৰ আগত তেওঁ বোৱাৰীয়েকৰ প্ৰশংসা কৰে -"মোৰ বোৱাৰী বুজিছা এইজনী । একেবাৰে লখিমী । কপালৰ বলতহে আমি এইক পাইছোঁ ।" অৱশ্যে হেমপ্ৰভাইও নিজৰ ছোৱালীৰ দৰে মৰম কৰে বোৱাৰীয়েকক । নকৰিবনো কিয় ? বোলে কথাতে কয় নহয় "ৰজাই ভাল দেখে যাক, ভেটিও নালাগে তাক ।"
আজিও মৌজাদাৰে পাটী পাৰি চোতালত বহি বৰগীতৰ ৰাগ টানোতেই নাতি দুটা আহি ককাকৰ কাষ পালেহি ।মৌজাদাৰে পৰম মমতাৰে দুয়োকে দুখন গালত টপককৈ চুমা খাই সাৱটি ধৰিলে ।
"ককা সাধু এটা কোৱানা " -সৰুটোৱে আৱদাৰ কৰিলে ।
- "ওৱা এইটো আকৌ কেনেকুৱা কথা ! ৰাতিপুৱা মানুহে জানো সাধু শুনে ! সাধু ৰাতিহে শুনে । ৰাতিপুৱা ফলি পুথি হাতত ল'ব লাগে আকৌ । -গভীৰ স্নেহেৰে কথা কেইটা ক'লে মৌজাদাৰে ।
- নাই নহ'ব । ৰাতি নহয় এতিয়াই কোৱা । আজি দেওবাৰহে দিনৰ দিনটো পঢ়িম আমি ।" -ডাঙৰ নাতিয়েকে লেনিয়াই মাত লগালে ।
মৌজাদাৰেও নাতিয়েক হঁতৰ কথা আওকান কৰিব নোৱাৰি ক'লে-
- বাৰু বাৰু তোমালোক জিকিলা মইয়ে হাৰিলো । পিছে কি সাধু শুনিবা কোৱাচোন ।
- ককা ৰামলক্ষ্মণ যে আছে তাৰ সাধু ।
- অ হয় নেকি । সেয়া ৰামায়ণ সোণহঁত । মহাকবি বাল্মিকীয়ে ৰচনা কৰিছিল । তোমালোকে বাৰু ডাঙৰ হ'লে কিতাপত এই বিষয়ে বহু কথা পঢ়িবলৈ পাবা বুলি তেওঁ আৰম্ভ কৰিলে ।
সাধুৰ মাজতে বোৱাৰীয়েকে তিনিওলৈকে চাহ জলপান আনিলে । জলপান খোৱাৰ পাছত মৌজাদাৰে পুনৰ আৰম্ভ কৰিলে -
- অ' মই ক'ত এৰিছিলো ? ওম মনত পৰিছে পৰিছে ।
তাৰ পাছত ৰামচন্দ্ৰই হনুমানৰ সহায়ত সাগৰত সেঁতু বান্ধিলে ।
- সেঁতু কি ককা ? সৰুটোৱে মাত লগালে ।
- সেঁতু মানে দলং অ' সোণ । তাৰ পাছত ৰাৱনৰ লগত যুদ্ধ কৰিলে গৈ ।ব হুত যুদ্ধৰ পাছত ৰাৱন পৰাস্ত হ'ল আৰু ৰামে সীতাক উদ্ধাৰ কৰিলে বুজিছা । ৰাৱনো কিন্তু কম পৰাক্ৰমী নাছিল দেই সোণহঁত । হ'লেও দুষ্টৰ একাল সন্তৰ সৰ্বতিকাল বুলি কথা এষাৰ আছে । অসুৰ নিপাত হ'বই হ'ব । এতিয়া বুজিলানে ? তোমালোকেও কেতিয়াও আনৰ অন্যায়, অহিত চিন্তা নকৰিবা। সৎ পথত থাকিলে জয় অনিবাৰ্য্য ।
- অ' বুজিলোঁ ককা । অ' ককা বাতৰি কাকত খন হকাৰে দি গৈছেলৈ আহোনে বুলি ডাঙৰটোৱে মাত দিলে আৰু ককাকৰ উত্তৰলৈ বাট নাচাই দুয়ো ৰাস্তালৈ দৌৰ দিলে । ককাকেও তৃপ্তি মুখে দুয়োকে চাই ৰ'ল । ককাকৰ হাতত পেপাৰখন দি দুয়ো চকুৰ পচাৰতে নাইকিয়া হ'ল । মৌজাদাৰে কাকতখনৰ প্ৰথম পৃষ্ঠাত চকু ফুৰালে । বৰ বৰ আখৰেৰে লিখা শিৰোণামাটোত তেওঁৰ চকু ৰৈ গ'ল -"গুৱাহাটীত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হ'ল কিশোৰী ।" কাকত খন তেওঁৰ হাতৰ পৰা সৰি পৰিল । ক্ষন্তেক পূৰ্বে নাতিয়েকহতঁক কোৱা কথাষাৰ মনলৈ আহিল-
"অসুৰ নিপাত হ'ব ই হ'ব ।''
এটা গভীৰ হুমুনিয়াহ সৰি পৰিল বুকুৰ পৰা তেওঁৰ । "এৰা আকৌ এখন ৰামায়ণৰ আৰম্ভ হওঁক । আমিবোৰ ৰাৱন বধৰ বাবে মাৰবান্ধি থিয় হোৱাৰ সময় সমাগত ।" -কথাকেইষাৰ মনতে ভাৱি গুণি তেওঁলাহেকৈ থিয় হ'ল ।

ঠিকনাঃ শিৱসাগৰ ।