নিতৌ সন্ধ্যা দহ পোন্ধৰ মিনিট ফুটপাঠেৰে খোজকাঢ়ি কিছু নিলগত থকা পাণদোকানখনলৈ পাণ খাবলৈ যোৱাটো মোৰপুৰনি অভ্যাস।আজিও তাৰ ব্যতিক্ৰম হোৱা নাই।পান দোকানীয়ে পান মেৰিয়াই দিবলৈ ফালি থোৱা কাগজৰ জাপটোত এখন ধুনীয়াচৰাইৰ ছবিয়ে মোৰ মন মুহিলে।কাগজখন হাতত লৈ চকু ফুঁৰালো আৰু কিবা এটা কথা চিন্তা কৰি কাগজখন পকেটত ভৰাই থলো।ঘৰত আহি কাগজখন পুনৰ ভালকৈ পঢ়িচালো।এটি সুন্দৰ কাহিনীয়ে এচাটি বতাহৰ দৰে অন্তৰ জোকাৰি গল।সেয়েহে কাহিনীটো আপোনালোক সকলোৰে আগত দাঙিধৰিলো।আৰ্ছিৱাল্ড ৰোটলাজা এজন প্ৰসিদ্ধ ব্যক্তি আছিল।তেও লিখা বাল্যকালৰ এটি ঘটনাই ভাবিবলৈ বাধ্যকৰায় ।চৰাই পোৱালি এটি সজাত ভৰাই খোৱাই বোৱাই পোহপাল দিয়াতো তেওৰ আনন্দৰ বিষয় আছিল,লগতে কথা কবলৈ শিকাইছিল।মৌকিং নামৰ এবিধ চৰাইক তেওঁ বৰ ভাল পাইছিল।এদিনাখন সেই চৰাইৰ এটা পোৱালি পাই বহুত আনন্দৰেসজা এটাত ভৰাই থলে।কিছু সময়ৰ পাছত চৰাই পোৱালিটোৰ মাকজনী উৰি উৰি সজাটোৰ ওচৰলৈ আহিল।তাইৰ ঠোটত এটা খোৱা বস্ত আছিল।সজাৰ বিন্ধাইদি খোৱা বস্তখিনি দি তাই পুনৰ উৰি গুচি গল।এই সকলো দৃশ্য চাই তেওঁ বহুত আনন্দ পালে।কিন্ত পিছদিনাখন ৰাতিপুৱা দেখিলে যে চৰাই পোৱালিটো মৰি আছে।তেওঁ ইয়াৰ কাৰণ কি হব পাৰে জানিবলৈ চেষ্টা কৰিলে।চৰাইজনীয়ে দিয়া খোৱাবস্তৰ টুকুৰা এটা পৰি আছিল।তাকপৰীক্ষা কৰি জনা গল যে সেইটো বিষ আছিল।তেওঁ ইয়াৰপৰা সিদ্ধান্ত কৰিলে যে,মৌকিং চৰাইৰ পোৱালিক যদি কোনোবাই বন্দী কৰি ৰাখে,তেন্তে তাৰ মাকে বিষযুক্ত ফল খুৱাই মাৰি পেলায়।এটা লোহাৰ সজাত বন্ধ হৈ থকাতকৈ মৰণেই ভাল………………কাহিনীটো আৰু দীঘল যদিও নাজানো, মোৰওচৰথ থকা কাগজটুকুৰাত ইমানেই লিখা আছিল………।
ঠিকনাঃতিতাবৰ বেবেজীয়া গাওঁ,
জিলাঃ যোৰহাট
পিনঃ ৭৮৫৬৩২
দূৰভাষঃ ৯০৮৫৮৭৭৫০১ ।







