মৰমৰ "কু" ,
আজি বহু দিনৰ পিছত জীৱনৰ অষ্টবেলা তোমালৈ বুলি হাতত কলম তুলি লৈছো | নাজানো, উকা কাগজত কিদৰে সজাওঁ তোমালৈ থকা মৰম - ভালপোৱা - আন্তৰিকতা | কলমৰ শেষ টোপাল চিয়াহীৰে জনালো মোৰ আমৃত্যু প্ৰেম গাঁথা । হয়তো পাহৰনিৰ অটল গহ্বৰত হেৰাই যোৱা তোমাৰ এদিনৰ আপোন জনক চিনি পোৱা নাই । (হয়তো আজি প্ৰয়োজনৰ বাহিৰত তোমাৰ) কিন্তু মই ? কিদৰেনো পাহৰো তোমাক কিম্বা তুমি দিয়া একাঁজলি মধুৰ বিষাদক ।
কু,
তোমাৰ ভাল বেয়া সুধিবলৈ আজি আৰু মোৰ অধিকাৰ নাই । সেয়েহে, প্ৰতাৰম্ভিত নুসুধিলা কেনে আছা । জীৱনৰ অন্তিম ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ আজি মোৰ সাহসো নাই কিজানি । (তুমি অপাৰগ বুলিয়ে ভাবি ল'বা) সমস্যাৰে জৰ্জৰিত পৰিয়ালত জন্ম লোৱাটো মোৰ অপৰাধ কোনোদিন নাছিল । প্ৰত্যেক বিপদৰ কাঠগৰাত থিয় হৈ তোমাক যে জনাইছিলো মই জয়ী হোৱাৰ বতৰা, হয়তো সোঁৱৰণি এতিয়া এইবোৰ তোমাৰ বাবে । অৱশ্যে তুমি উপহাৰ দি যোৱা নিটোল অমাৱস্যাকো, হাঁহি হাঁহি দুহাতেৰে কবৰ দিব পাৰিলো হেঁতেন | অথচ, শিল হ'ব নোৱাৰাৰ অপৰাধতে জীয়াই থাকিলো তিল তিলকৈ জীৱনক মৃযতুৰ মুখলৈ আগবঢ়াই আৰু আজি সমাগত হয়তো সেই অন্তিম ক্ষণৰ । সেয়েহে, বুকুত গুলিবিদ্ধ সৈনীকৰ দৰেই সাহস লৈ তোমালৈ শেষ একলম লিখিবলৈ সাহস কৰিছো । জ্বলি থকা মম ডালৰ খীণ পোহৰত, আজিও উকা কাগজ খিলাত তোমাৰ ওঁঠৰ হাঁহিটিয়ে বৰকৈ আমনি কৰিছে অ' । শীতৰ ঠেৰেঙা লগা বতাহ এচাটিত মম ডালো আজি সাহসেৰে জ্বলি আছে মোৰ সৈ'তে । আজিও আগৰ দৰেই মোৰ সংগী হৈ বেৰত ওলমি আছে এহাল মকৰা ।

কেতিয়াবা অতীত বোৰে বৰকৈ হৃদয়ত আৱেগৰ জোৱাৰ তুলে জানা । তোমাক আকৌ এবাৰ লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ এটাই গিলি পেলাই মোক আকুলতাত । তোমাৰ প্ৰতাৰণাই কুটি কুটি বীভচ কৰা মোৰ জীৱনক সময়ে কৰে বাৰে বাৰে পৰিহাস । তোমাৰ বিয়াৰ নিমন্ত্ৰণী প্ৰত্ৰ খনলৈ কেতিয়াবা বৰকৈ খং উঠে জানা । চিতাৰ দৰে জ্বলাই দিবলৈ মন যায় অভিমানত কোনো নিৰ্জন দ্বীপত । অথচ, তোমাৰ শেষ উপহাৰ বুলিবলৈ সেই খনেই যে আছে আজিও । পাহৰনিৰ ঠিকনাত তুমি কোনো দিনেই চেষ্টা নকৰিলা তোমাৰ কুশল বতৰা জনাই একলম লিখাৰ । আৰু মই ? মইটো বাৰে বাৰে আমনি আমনি কৰি গ'লো আজিৰ দৰেই । পৰাজিত সৈনীক হৈ পৰি ৰ'লো এন্ধাৰৰ কোঠাত । বুকুত ফুলি, বুকুতেই মৰহিলে ভালপোৱাৰ হাচনাহানা । ৰুপোৱালী হৈ নুফুলিল বুকুৰ পুখুৰিত মেটেকা | মাথোঁ ফুলিল চকুলোত নিয়ৰৰ বকুল আৰু মৃত্যুৰ হালধীয়া কৰবী |

লিখিবলৈ বহুতো কথাই আছিল । কিন্তু ভাগৰত ভাৰাক্ৰান্ত হৈ মম ডালৰ পোহৰ নিঃশেষ হোৱাৰ উপশম হৈছে ।নিশাও গভীৰ হ'ল । বাৰীৰ চুকৰ শিমলু জোপাত ফেঁচা জনীয়ে বৰকৈ নিউ নিউ বুলি চিঞৰি আছে । হয়তো মোক সিপাৰলৈ নিবলৈ তাই অপেক্ষা কৰি আছে । তুমি সুখী হোৱা কু । কেতিয়াবা হঠাতে মোলৈ মনত পৰিলে, আঁউসীৰ জোনটোলৈ চাই এবাৰ হৈ হাঁহিবা আৰু মই তৰা হৈ চাই থাকিম তোমাক আজীৱন...।

সীমনাত ,
তোমাৰেই এদিনৰ
".......মই"
ঠিকনাঃ দোৰপাং, লখিমপুৰ