পূজনীয়া মা,
মৰম ল'বি । আশা কৰোঁ তহঁত ভালে আছ ? মোৰ ভালেই । আজি বহুদিন হ'ল ঘৰৰ খবৰ পোৱা নাই । তহঁতেও চিঠি দিয়া নাই । মা পৰীক্ষা পালেহি নহয় সেয়েহে ওলাই যাবলৈও সময় পোৱা নাই অ' । কালিলৈ সময় অকণমান উলিয়াই ওলাই যাম ভবিয়ে লৰালৰিকৈ চিঠি খন লিখিছোঁ । মা দেউতা আৰু ভণ্টি ভালে আছে নহয় ? দেউতাক বৰকৈ কষ্ট কৰিব নিদিবি । মোৰ বাবে আৰু পইচা পঠাব নালাগে মা । পৰীক্ষা শেষ হ'লেই মই ঘৰলৈ যাম । অ' মা ভণ্টিৰ চাগে এতিয়া বছেৰেকীয়া পৰীক্ষা চলি আছে ? তাইক ভালকৈ পৰীক্ষা দিবলৈ কবি, ভাল ৰিজাল্ট এটা কৰিব লাগিব তাই । মা বিশেষ কথা এটা ক'বলৈ আছে । কালি জুমন দাদাক লগ পালো তাৰ কোম্পানিটোত কেইটামান পষ্ট উলাইছে মোক সি খবৰ তো দিছে । সি কৈছে মই যদি সোমাও সি মালিকৰ লগত কথা পাতিম কৈছে । মা মই জনাত কামতো বেয়া নহয় সেয়েহে কামটো সোমাম বুলি ভাবিছোঁ । দেউতাক কথাতো সুধি সোনকালে মোক খবৰতো দিবি । দেউতাইনো কিমান কষ্ট কৰিব আৰু ভণ্টিক পঢ়াৰ বাবে পইচা কেইটাকে দিব পাৰিম কামটোত সোমালে । বি.এ তো শেষ কৰি চৰকাৰী কাম পাম বুলি ৰৈ থাকিব মনটোৱে নকয় মোৰ আৰু দেউতাৰ কষ্টৰ ধন ঘোচ দি চৰকাৰী চাকৰি লোৱাৰ ইচ্ছা মোৰ নাই । মা তহঁতি ল'ৰা নাই বুলি দুখ কৰি নাথাকিবি । কোনোবাই হয়তো আজিও কয় তহঁতক ল'ৰা এটা থকা হ'লে বুলি । কোৱা বোৰে কওঁক দে মা তহঁতি কিন্তু দুখ নকৰিবি । ভগৱানে মোক আৰু ভণ্টিক সকলো দিছে বিচৰা মতে । মা যিবোৰ মানুহে তহঁতক ল'ৰা নাই বুলি পুতৌ কৰে সেই সকলক মই প্ৰমাণ কৰাম এদিন ল'ৰা আৰু ছোৱালীৰ মাজৰ পাৰ্থক্য নাই বুলি । তহঁতি মোক তাৰ পৰাই আশীৰ্বাদ কৰিবি । মা আজিলৈ সামৰো দে । বতৰটো বেয়া ৰাতিও বহুত হ'ল । অ মা গাজনি মৰিছে বতাহ জাকো জোৰকৈ বলিছে । ল'ৰালিতে যে এনেকৈ বতাহ বলিলে ভয়ত যে তোৰ বুকুৰ মাজত সোমাইছিলো । আজিও মন গৈছে অ' মা তোৰ বুকুৰ মাজত সোমাবলৈ । আজিলৈ সামৰিলো । চিঠি পাই উত্তৰ দিবি ।
ইতি
তহঁতৰ সোণ
ঠিকনাঃ শিৱসাগৰ ৷







