নীলা খামৰ চিঠি (নিৰুপমা ডেকা)

[দেউতালৈ জীউৰ মনৰ বতৰা]


মৰমৰ দেউতা,

চিঠিৰ আৰম্ভণিতে মোৰ মৰম আৰু শ্ৰদ্ধা ল'বা । দেউতা বুলি ক'লেই কিয় জানো মৰমেৰে বুলিহে লিখিবলৈ মন যায়.... । শ্ৰদ্ধা সূচক শব্দবোৰত মোৰ চোন দেউতা শব্দৰ মাদকতা হেৰুৱাৰ দৰে লাগে । কাৰণ, দেউতা মৰমৰ অনন্ত ভাণ্ডাৰ । ফোনত তোমাৰ কুশল বাৰ্তা সদায় পাওঁ । তথাপি চিঠিৰে কুশল কামনা কৰিলোঁ । ফোনত ভাল বেয়া বতৰাবোৰ পায়েই থাকোঁ, অথচ অনুভৱ হয় তোমাৰ সৈ'তে যেন মনৰ আৱেগ ধালি কথা ক'বলৈ ৰৈয়ে গ'ল । সেয়ে আজি বহি লৈছো অতীত হৈ যোৱা নীলা খামৰ মৰমবোৰ গুজি দি দুষাৰমান লিখিবলৈ ।
আচলতে কি জানা দেউতা এইবাৰ ব'হাগত তুমি আহিবা বুলি খবৰটো পোৱাৰ পৰাই মোৰ মনটো থৌকিবাথৌ হৈ পৰিছে । তোমাৰ বোকোচাত উঠি ইঘৰৰ পৰা সিঘৰলৈ যোৱা, দুহাতেৰে মেৰিয়াই তোমাক বান্ধি পেলোৱা সময়বোৰে বৰকৈ আমনি কৰিছে । তোমাক লগ পোৱাৰ পিছত সহজ হ'বলৈয়ে মোক সময় লাগে, সেয়েহে মনৰ কথাবোৰ আগতীয়াকৈ কিছু লিখি পঠিয়াওঁ বুলি মন মেলি বহিছোঁ । জানানে দেউতা মোৰ জীৱনৰ আটাইতকৈ আপোন মানুহজন হ'লা তুমি । যদিও তোমাক বহু বেছি ল'গ পোৱা নাই, তথাপিও তোমাৰ মৰমৰ অনুভৱে মনটো ভৰাই থয় । কেতিয়াবা তোমালৈ মোৰ ইমান অভিমান হয়..., মই তোমাক বুজাব নোৱাৰিম । আন আন ল'ৰা - ছোৱালীবোৰে যেতিয়া চাইকেলত ,স্কুটাৰত, গাড়ীত নতুবা দেউতাকৰ আঙুলিত ধৰি দোপ দি দি জপিয়াই স্কুললৈ গৈ থাকে তেতিয়া মোৰ বুকুখন বিষাই যায় তোমালৈ মনত পৰি । তুমি যে কিয় আমাক এৰি ইমান নিলগত থাকা । যোৱা বছৰ যে স্কুল খোলা দিনত দুমাহ থাকি গৈছিলা..... মোৰ সদায় সেই দিন কেইটা মনত পৰি থাকে । সিদিনা অৰ্থাত পঁচিচ জানুৱাৰিৰ দিনা স্কুলত চাৰে ছাব্বিচ জানুৱাৰিৰ গণতন্ত্ৰ দিৱসৰ কথা কওঁতে ভাৰতীয় সৈন্য বাহিনীৰ সৈনিক সকলৰ দেশৰ বাবে কৰা ত্যাগৰ কথা কৈছিল মোৰ যে তোমাক লৈ বৰ গৰ্ববোধ হৈছিল । অনুভৱ কৰিছিলোঁ তোমালোকৰ দৰে সৈনিকবোৰে নিজৰ প্ৰাণক তুচ্চ কৰি পৰিয়াল পৰিজন এৰি নিজৰ মাতৃভূমি আৰু তাৰ বাসিন্দা সকলৰ সুৰক্ষাৰ বাবে চিৰজাগ্ৰত প্ৰহৰি হৈ থাকা । তোমালোকৰ বাবে দেশখনে শান্তিৰে টোপনি যায় আৰু তোমালোকে টোপনি পাহৰি সাধাৰণ মানুহৰ বাবে মহানতাৰে কাম কৰি যোৱা । দেউতা এনে কথাত তোমালোকৰ মন গৰ্বিত হয়নে ?
ইণ্টাৰেষ্টিং কথা এটা কি জানা এইবাৰ ভোগালী বিহুত ককা আৰু আইতাই তোমাৰ সৰু কালৰ বহু হাঁহি উঠা কথা কৈছিল জানা । তুমি হেনো আইতাই পিঠা ভাজি থাকোতে মনে মনে গৰম পিঠাবোৰ চোৰ কৰি লগৰীয়াৰ লগত ভগাই খাইছিলা । কথাবোৰ কৈ থাকোতে আইতাৰ মুখখন জিলিকি উঠা মন কৰিছিলোঁ আৰু শেষত মোৰ লগতে আইতাৰো দুচকু সেমেকিছিল । তুমি যে তোমাৰ প্ৰিয় তিল পিঠা মাঘ বিহুতো খাবলৈ নোপোৱা হ'লা ! ককাই পিছে হাঁহি হাঁহিয়েই কৈছিল কন্দাৰ কি কথা.... আহিলে বনাই খুৱালেই হ'ল । মায়ে কোৱা শুনিছো মতা মানুহ বোৰে মনতে কান্দে, আমাৰ দৰে চকু পানী যেতিয়াই তেতিয়াই উলিয়াই নাথাকে ।
মোৰ যে মাকো কেতিয়াবা বীৰ সৈনিক যেন লাগে । ককা - আইতাৰ যত্ন, সকলোৰে বেমাৰ আজাৰত ব্যস্ত হৈ পৰা, মোৰ আৰু ভাইটিৰ আমনি ,স্কুল, নাচ - গানকে ধৰি বজাৰ আদিলৈকে সকলো বিনা এলাহেৰে কৰি যায়, কেনেকৈ জানোঁ মায়ে ইমানবোৰ কথা চম্ভালে ! মাৰ চাগে ভাগৰো নালাগে, কাৰণ আমাক সকলোকে শুৱাই হে নিজে শুৱে । তুমি যে দেশ ৰক্ষাৰ পণ লৈছা সেয়ে মায়েও চাগে ঘৰখন ৰক্ষাৰ পণ লৈ এজন বীৰ সৈনিকৰ দৰে নিজকে ঘৰত সমৰ্পণ কৰিছে । নাজানোঁ মাৰ তোমাৰ বাবে দুখ বেজাৰ লাগে নে নালাগে । কিন্তু আজিকালি অলপ ডাঙৰ হ'লো যে কেতিয়াবা অনুভৱ কৰোঁ মাৰ উদাসীন হাঁহিটোত দুখ দুখ ভাব এটা । অকলশৰীয়া সময়ত চকু দুটা চপচপীয়া হৈ পৰে পানীৰে আৰু নিজৰ ব্যক্তিগত ডায়েৰি খন খুলি লৈ খচ্ খচ্ কৈ কিবা লিখি যায় আৰু কিছু সময় পিছত মাৰ মনটো মুকলি হৈ পৰে । হয়তো তোমাক ক'ব খোজা আৱেগৰ কথাখিনি ডায়েৰিৰ পৃষ্ঠাতে লিখি সামৰি থয় ।
ভাইটি ভালেই আছে । মাজে মাজে খেলনা বন্দুকটো লৈ কয়- "মই দেউতাৰ দৰে আৰ্মি হ'ম । "ককাই তাক চেল্যুট দিয়ে আৰু আইতাই হুমুনিয়াহ কাঢ়ে । আইতাই চাগে আৰ্মি হ'ম বুলি ক'লে তোমাৰ দৰে তাকো বহুদিনলৈ কাষত নাপাব বুলি ভয় কৰে । এই কেইদিন মাক বৰ ফুৰ্টিত দেখিছোঁ । তুমি আহাৰ দিনটো কোৱাৰ দিনা মায়ে বহু সময় তেওঁৰ প্ৰিয় গীত এটা গুণ গুণাই আছিল । সিদিনা মাৰ বান্ধৱী এগৰাকী আহোঁতে মাক কোৱা শুনিলোঁ- "বুলি এইবাৰ ব'হাগৰ ৰং বৰকৈ চৰিব ন তোৰ মনত । বিয়াৰ পিছৰ প্ৰথম বিহুটোৰ পৰা এই দহ বছৰত তই এটা বিহুতো মানুহজনক পোৱা নাই, এইবাৰ বৰ ভাল লাগিব ন ।" মায়ে যে হাঁহি হাঁহিয়েই চকু পানী মুচিছিল জানা । বহু লিখিলোঁ যদিও এনে লাগিছে বহু বথা থাকিয়েই গ'ল । পিছত আৰু লিখিম হা । আজিলৈ সামৰোঁ । মৰমৰ চুমাৰে-

ইতিত
তোমাৰ জীউ (দেৱাহুতি)

(বিঃদ্ৰ--আহোঁতে ভাইটিলৈ এযোৰ সৰু আৰ্মিৰ ড্ৰেছ আনিবা আৰু মোলৈ এটা গোলপীয়া বাৰ্বি ফ্ৰ'ক ।)