থিয়েটাৰ সূৰ্য্য দাদাগিৰি (ধৃতিমান শৰ্মা)

মাজত মাথো কেইটিমানদিন বাকী । নামনি অসমৰ সমূহ দৰ্শকৰ হৃদয় জিনি ত্যাজ্যপুত্ৰই প্ৰৱেশ কৰিব উজনি অসমত । সাজু হওঁক এই নাট্যবৰ্ষৰ সৰ্বাংগ সুন্দৰ নাটক থিয়েটাৰ সূৰ্য্যৰ মঞ্চত ত্যাজ্যপুত্ৰ উপভোগ কৰিবলৈ ।
কৃষ্টিৰ থাপনাত সুস্থ সাংস্কৃতিক ৰুচিবোধৰ উত্তৰণৰ প্ৰচুৰ প্ৰতিশ্ৰুতি লৈ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ৰাউলীত জন্ম হোৱা থিয়েটাৰ সূৰ্য্যই দ্বিতীয় নাট্যবৰ্ষত তিনিখন ব্যয়বহুল নাটকেৰে নামনি অসমৰ প্ৰতিটো পেণ্ডেলত তথা অঘোষিত মহাৰন নলবাৰী ৰাস মহোৎসৱত জনপ্ৰিয়তাৰ নতুন ইতিহাস ৰচনা কৰে । চলিত নাট্যবৰ্ষৰ থিয়েটাৰ সূৰ্য্যৰ মুখ্য আকৰ্ষন আছিল অসমৰ সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টচাৰ্য্যৰ ৰচিত / পৰিচালিত ত্যাজ্যপুত্ৰ । নামনি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো পেণ্ডেলতে নাটকখনে জনপ্ৰিয়তাৰ নৱ ইতিহাস ৰচনা কৰে ।
২০১৭/১৮ নাট্যবৰ্ষৰ থিয়েটাৰ সূৰ্য্যৰ প্ৰস্তুতি সম্পৰ্কে সামগ্ৰিক পৰিকল্পক উত্তম শৰ্মাই জনায় যে- অহা নাট্যবৰ্ষত থিয়েটাৰ সূৰ্য্যৰ প্ৰস্তুতি ব্যতিক্ৰম, থিয়েটাৰ সূৰ্য্যই প্ৰথম আৰু দ্বিতীয় বৰ্ষত দেখুৱাই অহা বিলাসী প্ৰযোজনা অহা নাট্যবৰ্ষটো একেই থাকিব । আমি প্ৰথম নাট্যবৰ্ষৰ পৰাই তিনিওখন নাটককে সমানে গুৰুত্ত্ব প্ৰদান কৰি আহিছো, অহা নাট্যবৰ্ষটো আমি তিনিওখন নাটককে সমানে গুৰুত্ত্ব দিম । এতিয়ালৈ আমাৰ দুখন নাটকৰ নাম ওলাই গৈছে । অহা নাট্যবৰ্ষত অসমৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টচায্যৰ ৰচনা - পৰিচালনাৰে আমি মঞ্চস্থ কৰিম ভাতৃপ্ৰেম আৰু ভগ্নীপ্ৰেমৰ অপূৰ্ব স্বাক্ষৰৰ এক মৰ্মস্পৰ্শী কাহিনীৰে "দাদাগিৰি" আৰু এখন জনপ্ৰিয় অসমীয়া ছবিৰ অভিজিত ভট্টচায্যৰ নাট্যৰুপ আৰু যতীন বৰাৰ দুৰ্দান্ত অভিনয়েৰে "ককা দেউতা নাতি আৰু হাতী" আমাৰ দৃঢ় বিশ্বাস যে অহানাট্যবৰ্ষটো আমাৰ নাটকে শ্ৰেষ্ঠতাৰ প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ব ।


অভিনয়ত থাকিবঃ যতীন বৰা, মৃদুল বৰুৱা, দ্বীপন ভৰালী, অঞ্জলী ছেত্ৰী, ইতি ফুকন, দীপক তালুকদাৰৰ লগতে বহুতো ন - পুৰনি অভিনেতা অভিনেত্ৰী ।