লেডিচ ফাষ্ট (এন হক)

ধেত চাল্লা । য'তেই যাব তাতেই লাইন পাতিব লাগে । বেঙ্কত লাইন , কাৰেণ্টৰ বিল দিয়াত লাইন, এ টি এমত লাইন ...। চাল্লা এতিয়া জন্ম লওঁতে, মৃত্যু হওঁতে লাইনত যাব নালাগিলেই হ'ল বাপ্পেকে । আকাশৰ পৰা নামি অহা পৰীবোৰৰ পিছত তো ভেনা মাখিৰ লাইনৰ কথা ক'ব নালাগে । চেন্টু দা পুৱাৰ পৰাই ৰেচন ল'বলৈ আহি লাইনত থিয় দি থাকি থাকি ককালত বিষে আক্ৰমণ কৰিলেই । ভৰি দুখনো অসহযোগৰ ভাবুকি দিছে । তাৰ ডিমাগ টোও হিংস্ৰ হৈ উঠিল । উঠাৰ কথাও । পুৱাতেই শ্ৰীমতীৰ হুংকাৰ । চাল্লা ভঙা সংসাৰৰ টাপলি মাৰোতে ঘাম ওলাই গৈছে । সেইবোৰলৈ কাণসাৰ নাই .... মেকআপ লৈ ব্যস্ত থাকে এইবোৰ । 

- আজি আনিবই লাগিব ।"---শ্ৰীমতীৰ দাবী 

- "আজি কেনেকৈ আনিম ... সোণটো... আজি লাইনতে যাব ... "
- " মই সেইবোৰ নাজানো .... লেডিচ ফাষ্ট " 
অগত্যা চেন্টু দা । চাৰিওফালে ধোঁৱা-কোঁৱা দেখি গুচি আহিল । পুৱাৰ পৰাই লাইনত আছে । আজি খাব বাপ্পেকে ....। তাৰ অন্তৰত ভূমীকম্প আৰম্ভ হ'ল ।
- "ঐ আপা, মোক আগত যাব দে "---হঠাৎ এজনী মহিলাৰ মাতত উচপ খাই উঠিল । 
আপা..... !! চাল্লা ... এক ডজন ল'ৰাৰ বাপেকটো হৈ এতিয়াও আপা..... ।সি ঘুৰি চালে । আইটেমটো বেয়া নহয় ।
- কিয়? মই পুৱাৰ পৰা লাইনত আছো । আপোনাক আগত যাব দিম কিয় ?"
- তৰ্ক নকৰিবি.... নাজান নেকি ? লেডিচ ফাষ্ট "
আকৌ লেডিচ ফাষ্ট ..... চাল্লা পুৰুষ কেইটা কি .....
হঠাৎ তাৰ গাত স্পৰ্শ হ'ল । শিহৰণ এটা চেন্টু দাৰ গাত বিজুলী গতিত পাৰ হৈ গ'ল । পিছত মহিলা জনীক বাট এৰি দিলে আৰু সি পিছুৱাই আহিল । 
কিছু সময় পিছতে লাগিল আকৌ অথন্তৰ । নালাগিব কিয় ! এই ৰেচনৰ দোকানী বোৰ ..... 
- আপোনাৰ দোকানৰ চাউলত ইমান পাথৰ ওলায় যে ...... আপুনি চাউলত পাথৰ মিহলায় নেকি ?"---এজন গ্ৰাহকে ক'লে । 
- "নহয়"---দোকানীয়ে উত্তৰ দিলে । 
- তেন্তে ইমান পাথৰ.....?"
- পাথৰত চাউল মিহলাও যে "
লগে লগে ঔ কিল বাপ্পেকে । যিয়ে যেনে পাৰে হাত চাফাই কৰিছে । বেচেৰা দোকানী জনৰ অৱস্থা অথৈবচ । সৰু পানী খিনিও তাৰ সংগ এৰি কাপোৰ খিনি তিয়াঁই পেলালে । 
অৱশেষত কোনোবাই মোবাইলত যুদ্ধ কৰি কৰি ৰঙা টুপীৱালাক খবৰ দিলে । জানেইতো মোবাইলবোৰ আজিকালি ইমাৰজেন্চিতেই অসহযোগ বেছি কৰে । পুলিচ আহে মানে দোকানীৰ কেকনিৰ বাহিৰে সকলো অনহন পালন কৰিছে । পুলিচেও আগ পিছ নাভাবি একফালৰ পৰা পাইকাৰী কোব । কোবাই কোবাই চেন্টু দাৰ ওচৰ পায়হি মানে চেন্টু দা গাত ভূমিকম্পৰ দৰে কপিব ধৰিলে । কি হ'ব এতিয়া ! কিবা কৰি ইয়াৰ এটা কোব খাব লগা হলে ..... কিবা এটা কৰিব লাগিব । কিন্তু কি কৰিব ? এইবাৰ পুলিচে চেন্টু দাৰ ফালে চোচা ললে । লাঠি ডাল দাঙিছে । চেন্টু দাৰ পিঠিত কোব লাগে মানে ওচৰতে থকা মহিলা জনীক টান মাৰি আনি আগত ধৰিলে । পুলিচৰ কোব কেইটা মহিলা জনীৰ ওপৰতে পৰিল । পৰিস্থিতি লাহে লাহে শান্ত হ'ল। 
- ঐ আপা , তই মোক কোব খুৱালি কিয় ?"
- আপুনিয়েচোন ক'লে লেডিচ ফাষ্ট ......" ---মহিলাজনী ভেবা লাগি চাই ৰ'ল ..,,