দিল মাংগে মোৰ (বি এন ৰূপম)

- ঐ তোমাৰ বাবে এটা বেয়া খবৰ আছে ৷
- বেয়া খবৰ!! কিনো?
- তুমি লাইন দি থকা যে সংগীতা, তাইৰ bf আছে ৷

- এ এ এ…… ৷ এনেই বেয়াদিন চলি আছে, তাতে ইমান বেয়া খবৰ দিলা ৷ উঙা উঙা……
- হেঃ হেঃ কান্দা কান্দা ৷ কান্দিলে মনটোই শান্তি পাব ৷
- সংগীতাৰ যে লগৰ পল্লৱী তাইৰো bf আছে নেকি?
- আছে চাগে ! তাইকো লাইন দিছিলা নেকি?
- উম ৷ সংগীতাৰ ভনিয়েকজনীৰ???
- চাল্লা কি ফাল্টু চলি তুমি ৷ আপি আপি কৰি পাগল ন! এজনীকে ভালকৈ নলোৱা কিয়?
- সেই এজনীক ল'ৱৰ বাবেটো ইমান কেইজনীৰ মাজৰ পৰা এজনীক বিচাৰি আছো ৷
- কিয়,, আগৰ কেইজনীৰ এজনীকও কিয় নাৰাখিলা নিজৰ কৰি?
- আগৰ কেইজনী মানে?
- কি আগৰ কেইজনীমানে…… জীনা, পমী, কংকনা, দীপা……
- অ ৷ কিয়নো মনত পেলাই দিয়া সেই দুখভৰি দাচতানবোৰ……
- ইহ,,, বৰ একেবাৰে 'দুখভৰি দাচতান'……কোৱা একো নহয় দিয়া ৷
- এ কি ক'ম ! Hs পঢ়ি থাকোতে জীনাক পালোঁ৷ তামাম প্ৰেম ৷ পালে নহয় ঘৰত গম ৷ তাইৰ ককায়েকহঁতে মোক 'খোদা কচম'বুলি কৈ যিহে দম দিলে মইও 'কৃষ্ণ কৃষ্ণ' বুলি কৈ কিবাকৈ বাছিলোঁ৷
- হেঃ হেঃ হেঃ প্ৰথম প্ৰেমত ধৰ্মৰ বাধা ৷ তাৰ পিছত পমীৰ লগত??
- অ পমী ৷ গুৱাহাটীত আহি কলেজত পালোঁ পমীক ৷ মজ্জা সেই দিনবোৰ ৷ ঘূৰা-ফুৰা-চিনেমা চোৱা ৷ মনোজ নামৰ লগৰজনে বাইক লোৱা পাৰ্টিত নিলোঁ তাইক, হা মোৰ কঁপাল, দুদিন পিছত পালচাৰ বাইকৱালা মনোজৰ পিঠিত আঠা লাগিল তাই……
- হেঃ হেঃ হেঃ বেচেৰা ৷ ইয়াৰ পিছত কংকনা, দীপা……
- অ কংকনা আৰু দীপা ৷ ডুৱেল চিমৰ সুবিধাসমূহ প্ৰচাৰৰ বাবে মইও একেলগে দুজনী চলাই আছিলোঁ৷ ঠিক ঠাকচলি আছিলেই, লাগিল নহয় এদিন জেং ৷ চিম দুখন লগোৱাত ওলট-পালট হ'ল আৰু গুচি গ'ল কংকনাৰ মেচেজ দীপালৈ,দীপাৰমেচেজ কংকনালৈ … একেৰাতিত ডাবুল ব্ৰেকাপ
- হোঃ হোঃ হোঃ কেনে মজ্জা……এতিয়া ফেচবুকত লাইন দি দি ইজনী-সিজনীক ট্ৰাই কৰি আছা…
- উপায়টো নাই ৷ আমি হ'লো প্ৰেমিক চৰাই ৷ বিচাৰি ফুৰোঁ এখন এখন সেউজীয়া অৰণ্য ৷ যাৰ বুকুত ল'ব পাৰোশান্তি আৰু প্ৰাপ্তিৰ উশাহ……উশাহ বিচাৰি উশাহ হ'ব বিচাৰো এখন বুকুৰ…
- ৱাহ বৰ ৰোমান্টিক ডাইলগ কোৱা দেই ৷ সেইবাবে এজনীয়ে এৰিলেও আনজনী পাইযোৱা……

- দিল মাংগে মোৰ……