দিনটোৰ অৱসাদবোৰক এটা টোপোলাত বান্ধি
হাবিতলীৰ লুংলুঙীয়া বাটটোৰে গৈ থাঁকোতে
সেউজীয়াৰ মোহনাত
চৰাইৰ চুবুৰীত
ৰৈ গ'ল
তাৰ নীলকচুৰ ঠাৰিযেন ভৰি দুখন।
উৰণীয়া চৰাইজাকে
তাৰ অৰ্ধমৃত ভৰি দুখন দেখি
চক্ খাই
উধাওঁ হ'ব ধৰোতে
মুখীয়াল যেন লগা এহালি চৰাইয়ে
মুঠিয়ে মুঠিয়ে সেউজীয়া ৰঙ সানি দিলে
তাল নীলকচুৰ ঠাৰিযেন ভৰি দুখনত
আৰু ক্ৰমশঃ ঘৰমুখী সূৰ্য্যই প্ৰভাতী সুৰত
গান গাই
আৰু সিদিনা
পোহৰে উজগৰে নিশা কটাই ।








