হেমন্ত বতৰা (মিনতী দেৱী কাকতি)

হৃদয়ৰ দুৱাৰখন খোলা
মই আহিছো চোৱা সুশীতল পৰশত
নিয়ৰৰ মুকুতামণিবোৰে জনাইছে আমন্ত্ৰণ
তোমাৰ পদুলিত হেমন্ত গুঞ্জন
কুঁৱলীৰে ভৰা তথাপিও স্বচ্ছতা
শীতৰ বতাহ ফালি আহিছে হেমন্তৰ বতৰা ।

চাৰিওফালে হেমন্ত পূৰ্ণতা প্ৰাপ্তি
ঋতুত নদন বদন
প্ৰকৃতিৰ পৰশনত ৰদৰ কোমল আৱৰনত
ধান চপোৱা,লহপহীয়া শাক-পাচলি শস্য
গ্ৰাম্য জীৱনৰ একোখনি
পৰিপূৰ্ণ চিত্ৰ জিলিকি উঠিছে আনন্দত,
হিমসিক্ত হেমন্ত ।

পুৱাৰ আৰু শীতৰ সন্ধিয়াত বাট ভেটি ধৰা
বাহিৰতকুঁৱলীৰে আৱৰা
ৰিব ৰিব শীতৰ বতাহজাকে আনিছে
হেমন্তৰ বতৰা
যদি কেতিয়াবা ধুমুহা পদীয়াত হোৱা
ক্ষোভ নানিবা, ক্ৰোধান্বিত হ'ব,
হেমন্ত স্বচ্ছতাই ধোৱাই দিব ।
পৃথিৱীও আমাৰ সতে হ'ব অনাবৃত,
মই যে তোমাৰ হেমন্ত
প্ৰেমিক যুগ যুগান্তৰ,

হৃদয় দুৱাৰ খন খোলা
মই আহিছো চোৱা ।