শেৱালি ফুলা বঁকিয়াইদি নামি আহে
শীতৰ সেমেকা
নিৰ্যাস নিৰ্বিঘ্নে
হেমন্তৰ বুকু গচকি আহে
হাঁড় কপোৱা
শীতল এছাটি দুৱাৰ খুলি
পাৰ হৈ অহা
ৰক্তবৰ্ণ তেজৰ বোঁৱতি সোঁতত
ঠেটুৱৈ ধৰা জাৰ
নিহালিৰ উমেৰে জুৰাই লওঁ
কম্পমান শীৰ্ণ শৰীৰ ।
ঘন ঘনকৈ বৰষুণ হৈ
নামি অহা কুঁৱলীৰ আচ্ছাদনে
বুৰাই ৰাখে দুৰ্বা গছ পাতৰ
সমগ্ৰ সত্তা দুবৰি
সাবটি ধৰা সুবলিত
কুঁৱলীৰ সৰু সৰু টোপালবোৰ
প্ৰত্যুষৰ কাঁচিয়লিত উজলি উঠে
কোমলপুৱাৰ পুষ্যা এটি হৈ ।
ভ্ৰাম্যভাষঃ ৯৮৬৪১-০৬৪৩৯
শীতৰ সেমেকা
নিৰ্যাস নিৰ্বিঘ্নে
হেমন্তৰ বুকু গচকি আহে
হাঁড় কপোৱা
শীতল এছাটি দুৱাৰ খুলি
পাৰ হৈ অহা
ৰক্তবৰ্ণ তেজৰ বোঁৱতি সোঁতত
ঠেটুৱৈ ধৰা জাৰ
নিহালিৰ উমেৰে জুৰাই লওঁ
কম্পমান শীৰ্ণ শৰীৰ ।
ঘন ঘনকৈ বৰষুণ হৈ
নামি অহা কুঁৱলীৰ আচ্ছাদনে
বুৰাই ৰাখে দুৰ্বা গছ পাতৰ
সমগ্ৰ সত্তা দুবৰি
সাবটি ধৰা সুবলিত
কুঁৱলীৰ সৰু সৰু টোপালবোৰ
প্ৰত্যুষৰ কাঁচিয়লিত উজলি উঠে
কোমলপুৱাৰ পুষ্যা এটি হৈ ।
ভ্ৰাম্যভাষঃ ৯৮৬৪১-০৬৪৩৯








