আকৌ শ্বহীদৰ নামত কোনো চফল যুৱকৰ নাম নিবিচাৰোঁ (হিৰণ্য কুমাৰ ভট্টাচাৰ্য)

আমি আজি ভাগ ভাগ হ'লো
ভাগ ভাগ কৰিলে
আমাৰ মনবোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ একোটা স্বাৰ্থত
অসম কিম্বা সংস্কৃতি

তাহানিৰ বৰ অসম খনক
সৰু-সৰু টুকুৰা-টুকুৰ কৰিবলৈ ওলালো
জাতি-জনজাতিৰ নামত

পাহৰি গ'লো
আমাৰ ঐতিহ্য, পৰম্পৰা, ইতিহাস ইত্যাদি ইত্যাদি কথাবোৰ ..

জাতি - মাটি, ভেটিৰ নামত সৃষ্টি কৰিলোঁ
একো একোটা বৃহৎ কোম্পানি
য'ত মূল ভেটি অসমীয়াৰ আৱেগ ..

আৰু কিমান দিনলৈ এনেকৈ
আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মনবোৰৰ স্বাৰ্থত..?

সুবিধা কৰি দি আহিলো
বিদেশী প্ৰব্ৰজনৰ কিছুমান ন্যস্ত স্বাৰ্থৰ বাবে
আৰু এতিয়া আমি অস্তিত্ব বিচাৰো অসমীয়াৰ..

সময় আজি দুৱাৰডলিত
মাৰ বান্ধি ৰক্ষা কৰা
ভাষাৰ পৰা জাতিটোলৈকে
ভাগ ভাগ কৰিব খোজাৰ বিপৰীতে ..
নহ'লে এদিন সময়েও ক্ষমা নকৰিব ।

উপলব্ধি কৰাচোন
৮৫৫ জন শ্বহীদৰ সেই তেজৰ চেকুৰাবোৰ,
চিঞৰি চিঞৰি কৈছিল যে-
"জয় আই অসম "
"জয় আই অসম "
"জয় আই অসম" ।

আৰু নিবিচাৰোঁ
আকৌ আন্দোলন হওঁক
আকৌ বুৰঞ্জীত লিপিবদ্ধ হওঁক
শ্বহীদৰ নামত কোনো চফল যুৱকৰ নাম ।